• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোমহৰ্ষক হত্যাকাণ্ড, প্ৰেমিকৰ সৈতে মিলি স্বামীৰ মৃতদেহ টুকুৰা টুকুৰ কৰি নলাত পেলালে পত্নীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2025 12:42 pm
ট্ৰাম্পৰ সৈতে বিবাদ, কংগ্ৰেছ এৰিব ৰিপাব্লিকান টেইলৰ গ্ৰীনে - 1

ট্ৰাম্পৰ সৈতে বিবাদ, কংগ্ৰেছ এৰিব ৰিপাব্লিকান টেইলৰ গ্ৰীনে - 1

83
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হত্যাকাণ্ডৰ বাবে হত্যাকাৰীয়ে ২০০ টকাৰ কাঠ ফলা কৰত আৰু শৰীৰৰ বিচ্ছিন্ন অংগ ভৰোৱাৰ বাবে ১১০০ টকাৰ ক’লা প্লাষ্টিক আৰু ফয়েলৰ বেগ ক্ৰয় কৰিছিল। হত্যাকাণ্ডৰ পিছত মৃতদেহৰ অংগ সৰবৰাহ কৰাৰ সকলো পৰিকল্পনা সাজু হৈ উঠিছিল। কিন্তু হত্যাকাৰীয়ে এৰি থৈ যোৱা সৰু সূত্ৰৰ পৰাই গোটেই ঘটনাটোৰ পাক ঘুৰি গ’ল। কটা হাতৰ টুকুৰাৰ সৰু টেটুৰ সূত্ৰৰ পম খেদি লোমহৰ্ষক হত্যাৰ ৰহস্য উদ্ঘাটন কৰিলে আৰক্ষীয়ে।

উত্তৰ প্ৰদেশৰ চম্ভলৰ এজন লোকক হত্যা কৰাৰ লগতে নলাকে ধৰি বিভিন্ন ঠাইত মৃতদেহ কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে পত্নী আৰু প্ৰেমিকৰ বিৰুদ্ধে। উত্তৰ প্ৰদেশ আৰক্ষীৰ সূত্ৰ অনুসৰি ৰাহুল নামৰ ৩৮ বছৰীয়া যুৱক এজনৰ নিৰুদ্দেশৰ তদন্তত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য উদ্ধাৰ হয়।

Apply Now

সূত্ৰ অনুসৰি চম্ভলৰ চাণ্ডাউছি অঞ্চলৰ মহল্লা চুন্নী নিবাসী ৰুবীয়ে ১৮ নৱেম্বৰত স্বামীৰ নিৰুদ্দেশৰ ৰিপোৰ্ট স্থানীয় থানাত দাখিল কৰে। ইয়াৰ পিছত ১৫ ডিচেম্বৰত ঈদগাহ অঞ্চলৰ সমীপৰ এটা নলাৰ পৰা পচি যোৱা শৰীৰৰ অংগ উদ্ধাৰ কৰে আৰক্ষীয়ে। মূৰ, হাত আৰু ভৰিৰ সন্ধান পোৱা নগ’ল। কিন্তু কটা মৃতদেহত ‘ৰাহুল’ শব্দ লিখা টেটুৰ সূত্ৰ ধৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

কেইবাটাও সূত্ৰই ইংগিত দিয়ে যে শৰীৰৰ অংগসমূহ ৰুবীৰ নিৰুদ্দেশ হোৱা স্বামীৰ। অৱশ্যে মৃতদেহটো চিনাক্ত কৰিবলৈ আহি ৰুবীয়ে অস্বীকাৰ কৰে। তদন্তকাৰীয়ে ডি এন এ আৰু ফৰেনছিক নমুনা সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীয়ে দাবী কৰে যে ৰাহুলৰ পত্নী ৰুবীৰ বক্তব্যত কেইবাটাও বিসংগতি ধৰা পৰে। আৰক্ষীয়ে জনোৱা মতে, ১৮ নৱেম্বৰৰ পৰা ৰাহুলৰ ফোনটো চুইচ অফ হৈ আছিল। আনহাতে ৰুবীৰ ফোনটোৰ কল ডিটেইল চেক কৰাত হত্যাকাণ্ড আৰু মৃতদেহ লুকুৱাৰ সৈতে জড়িত বিভিন্ন প্ৰমাণ পোৱা যায়।

চম্ভল আৰক্ষীয়ে জনোৱা মতে, ইয়াৰ পিছতে ৰুবীক জেৰা কৰা হয়। আৰক্ষীয়ে সোধা-পোছা কৰাত তাই অপৰাধ স্বীকাৰ কৰে। বিবাহ বহিৰ্ভূত প্ৰেমৰ কথাও স্বীকাৰ কৰে। জানিব পৰা মতে, তাইৰ প্ৰেমিক গৌৰৱেও ৰাহুলক হত্যা কৰাত সহায় কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, ৰাহুলক হত্যা কৰিবলৈ ৰুবী আৰু গৌৰৱে কৰতকে ধৰি কেইবাটাও বস্তু কিনিছিল।

আৰক্ষীয়ে জনোৱা মতে, ৰুবীয়ে গৌৰৱক নিজৰ ঘৰলৈ মাতিছিল। ইয়াৰ পিছত দুয়োজনে লোহাৰ ৰড আৰু হাতুৰীৰে ৰাহুলক হত্যা কৰে। হত্যাকাণ্ডৰ পিছত ৰুবীয়ে মৃতদেহটো লুকুওৱোৰ বুদ্ধি দিয়ে। তেজ বিয়পি নপৰাৰ বাবে কৰতেৰে মৃতদেহটো টুকুৰা টুকুৰ কৰি ক’লা প্লাষ্টিক আৰু ফয়েলৰ বেগ ভৰাই পেলোৱা হয়। মূৰ, ডিঙি, হাত আৰু ভৰি বেলেগ বেলেগ বেগত ভৰোৱা হয়।

ইয়াতেই শেষ নহয়। আৰক্ষীৰ অভিযোগ যে ৰুবী আৰু গৌৰৱে গাড়ী ভাড়া কৰি ৰাহুলৰ শৰীৰৰ অংগসমূহ চম্ভলৰ নলাত আৰু বিভিন্ন স্থানত পেলাই দিছিল। আৰক্ষীয়ে জনোৱা মতে, মৃতদেহটো উদ্ধাৰ কৰাৰ পিছতো ৰুবীয়ে মৃত লোকজনৰ কাপোৰ দেখিও চিনাক্ত কৰা নাছিল। ইয়াৰ বাবে আৰক্ষীৰ সন্দেহ বৃদ্ধি পায়।

ইপিনে, ৰুবীৰ ফোন গেলেৰীত একেটা সাজ-পোছাক পিন্ধা ৰাহুলৰ এখন ছবি আছিল। কলৰ সবিশেষ পৰীক্ষা কৰি দেখা গ’ল যে যোৱা তিনিমাহত ৰুবীয়ে প্ৰেমিক গৌৰৱৰ সৈতে ফোনত ১১০০ বাৰ কথা পাতিছিল। অগণন মেচেজ আহিছিল।

সকলো তথ্য আৰু প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে গৌৰৱ আৰু ৰুবীক গ্ৰেপ্তাৰ কৰিছে। ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত অভিযুক্ত দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd