NORTHEAST NOW (Assamese)

ৰাজস্থানলৈ বিক্ৰী হোৱা কৃষ্ণাইৰ যুৱতীক উদ্ধাৰ, দুজনক আটক

May 16, 2019 7:40 am · নীলমণি শৰ্মা

গোৱালপাৰা জিলাৰ কৃষ্ণাইত শেহতীয়াকৈ এটা নাৰী সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ উঠাৰ খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এবছৰ পূৰ্বে নাৰী সৰবৰাহকাৰীৰ ওচৰত বিক্ৰী হোৱা কৃষ্ণাইৰ বিদ্যাপাৰাৰ বেগম উপাধীৰ এগৰাকী যুৱতী উদ্বাৰ হোৱাৰ পিছতে চক্ৰটোৰ কথা পোহৰলৈ আহিছে।

জানিব পৰা মতে ২০১৮ৰ ২৫ জুনত বিদ্যপাৰা গাঁৱৰ উক্ত যুৱতী গৰাকীক দুই সম্পৰ্কীয় মোমায়েক কাদেৰ আলী আৰু কৰিম আলীয়ে এজন ল’ৰা লগত চিনাকী কৰাই দিয়াৰ চলেৰে কাষৰীয়া পাইকানৰ এখন হোটেলত চাহ খাবলৈ দিয়ে৷ চাহ খোৱাৰ পিছতে সংজ্ঞাহীন হোৱা যুৱতী গৰাকীয়ে দুদিন পিছত নিজক দিল্লীৰ এটা ৰে’ল ষ্টেচনত আৱিষ্কাৰ কৰে। লগত থকা দুজন অচিনাকী লোকে কাদেৰ আৰু কৰিমে তেওঁক দুই লাখ টকাত বিক্ৰী কৰাৰ কথা জানিব দিয়ে।

পিছত যুৱতী গৰাকীক ৰাজস্থানলৈ নি হিন্দু ছোৱালী বুলি পৰিচয় দি মনোজ কুমাৰ নামৰ এজন লোকৰ লগত বিয়া কৰাই দিয়া হয়।

প্ৰায় ১১মাহ উক্ত লোকজনৰ পত্নী হিচাপে থকাৰ পিছত যুৱতী গৰাকীয়ে তেওঁৰ দৰেই ৰাজস্থানলৈ বিক্ৰী হোৱা আন এগৰাকী যুৱতীৰ সৈতে চিনাকি হয় আৰু উক্ত যুৱতীৰ সহযোগত কৃষ্ণাইৰ বিদ্যাপাৰাত থকা পৰিয়ালৰ সৈতে যোগাযোগ কৰে।

পিছত পৰিয়ালৰ লোকে মনোজ কুমাৰৰ লগত কথা পাতি যুৱতী গৰাকীক যোৱা ১মে’ত ৰাজস্থানৰ পৰা লৈ আনে৷ আনহাতে যুৱতীগৰাকী দাখিল কৰা এজাহাৰৰ ভিত্তিত কৃষ্ণাই আৰক্ষীয়ে সম্পকীয় দুই মোমায়েকক আটক কৰিছে।

Related News