আজি ভোটদান হোৱা অসমৰ লোকসভাৰ ৫খন আসনতে মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ অধিক

ফটো সৌজন্যঃ ভাৰতীয় নিৰ্বাচন আয়োগ।

প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা অসমৰ ৫টা লোকসভা সমষ্টিৰ আটাইকেইটাতে পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্য অধিক আৰু নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰাৰ বাবে দলে-বলে ওলাই আহিছে।

পুৱা ৫ বজাৰ পৰা ভোট কেন্দ্ৰৰ আগত মহিলাসকলে শাৰী পাতি থকা দেখা যায়। অধিকাংশই মহিলাই কয় যে তেওঁলোকে সোনকালে ভোটদান কৰিব বিচাৰে যাতে তেওঁলোকে ঘৰলৈ উভতি গৈ নিজৰ দৈনন্দিন কাম-কাজ অব্যাহত ৰাখিব পাৰে।

পাঁচটা সমষ্টিত মুঠ মহিলা ভোটাৰৰ সংখ্যা ৪৩,৬৪,৮৫৯ গৰাকীৰ বিপৰীতে পুৰুষৰ সংখ্যা ৪২,৮২,৮৮৭ গৰাকী আৰু তৃতীয় লিংগৰ ১২৩ গৰাকী।

লগতে পঢ়কঃ LOKSABHA ELECTION 2024: উত্তৰ-পূবৰ ১৫খন লোকসভাৰ আসনৰ বাবে আৰম্ভ ভোটগ্ৰহণ

কিন্তু মুঠ ৩৫ গৰাকী প্ৰতিদ্বন্দ্বীৰ ভিতৰত মাত্ৰ ৪ গৰাকী, অৰ্থাত ১১.৪ শতাংশ মহিলা প্ৰাৰ্থীয়েহে প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিছে।

ইপিনে, ১০,২৫,২১০ গৰাকী মহিলা আৰু ১০,২৪,৮৮৩ গৰাকী পুৰুষ ভোটাৰ থকা কাজিৰঙা সমষ্টিৰ পৰা কংগ্ৰেছৰ ৰ’জলিনা তিৰ্কী আৰু প্ৰথম পৰ্যায়ৰ আটাইতকৈ ধনী নিৰ্দলীয় প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীকে ধৰি চাৰিগৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

সেইদৰে, ৮,২১,০১২ গৰাকী মহিলা আৰু ৮,১২,৭৫৫ গৰাকী পুৰুষ ভোটাৰ থকা শোণিতপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গণ সংগ্ৰাম পৰিষদৰ ৰিংকু ৰায়ে।

ফটো সৌজন্যঃ ভাৰতীয় নিৰ্বাচন আয়োগ।

আনহাতে, যোৰহাট সমষ্টিত ৮,৭৮,১৯২ গৰাকী মহিলা আৰু ৮,৪৮,৯২৩ গৰাকী পুৰুষ ভোটাৰ, ডিব্ৰুগড়ত ৮,৪৯,৫৬৩ গৰাকী মহিলা আৰু ৮,০৯,৯৯০ গৰাকী পুৰুষ ভোটাৰ আৰু লখিমপুৰত ৭,৯০,৮৮২ গৰাকী মহিলা আৰু ৭,৮৬,৩৩৫ গৰাকী পুৰুষ ভোটাৰ আছে।

উল্লেখ্য যে আজি পৰম্পৰাগত ‘মেখলা-চাদৰ’ পিন্ধা মহিলাসকলৰ সৈতে  নিজৰ বিভিন্ন সাজ-পোছাক পৰিহিত যুৱতীসকলে ভোটদানৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা দেখা যায়।