• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলিলে তাৰকা মল্লযুঁজাৰু ভিনেশ ফ’গাটে

বৃজভূষণ শৰণ সিঙক অপসাৰণ নকৰালৈকে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাৰ হুংকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2023 7:31 pm
Vinesh Phogat WFI
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ এবাৰ যৌন নিৰ্যাতনৰ অভিযোগে জোকাৰি গৈছে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰক। এইবাৰ এই অভিযোগ উত্থাপন হৈছে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে। ভাৰতীয় মল্লযুঁজ ফেডাৰেচন আৰু ফেডাৰেচনৰ সভাপতি বৃজভূষণ শৰণ সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় ক্ৰীড়াজগতৰ এক পৰিচিত নাম ভিনেশ ফ’গাটে।

কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ- দুয়ো প্ৰতিযোগিতাতে স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু ভিনেশ ফ’গাটে আজি ভাৰতীয় মল্লযুঁজ ফেডাৰেচন আৰু ফেডাৰেচনৰ সভাপতি বৃজভূষণ শৰণ সিঙৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।

Apply Now

তাৰকা খেলুৱৈগৰাকীৰ অভিযোগ মতে “ৰাষ্ট্ৰীয় প্ৰশিক্ষক সকলে বছৰ বছৰ ধৰি মহিলা মল্লযুঁজাৰুসকলক নিৰ্যাতন চলাই আহিছে আৰু ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিষয়াসকলে খেলুৱৈসকলক মৃত্যুৰ ভাবুকি পৰ্যন্ত দিছে। দেশৰ অন্যান্য শীৰ্ষ মল্লযুঁজাৰুসকলেও এই অভিযোগ তুলি আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

মল্লযুঁজাৰুসকলে ডব্লিউ এফ আইৰ সভাপতি বৃজভূষণ শৰণ সিঙক পদৰ পৰা অপসাৰণৰ দাবী জনায়। অলিম্পিক ব্ৰঞ্জ বিজয়ী মল্লযুঁজাৰু বজৰং পুনিয়াই প্ৰতিবাদস্থলীতে সভাপতি বৃজভূষণ শৰণ সিঙক অপসাৰণ নকৰা পৰ্যন্ত মল্লযুঁজাৰুসকলে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে বুলি ঘোষণা কৰে।

উল্লেখ্য যে, ২০১১ চনৰ পৰা ডব্লিউ এফ আইৰ নেতৃত্বত থকা সিঙে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত একেৰাহে তৃতীয়বাৰৰ বাবে ডব্লিউ এফ আইৰ সভাপতি নিৰ্বাচিত হয়। সিঙৰ বিৰুদ্ধে সৰৱ হৈ পৰা ভিনেশ ফ’গাটে কয়, “আমাক ভাবুকি দিয়া হৈছিল যে আমি প্ৰতিবাদ কৰিলে আমাৰ কেৰিয়াৰৰ অন্ত পৰিব। ফেডাৰেচনৰ সদস্যসকলে মহিলা মল্লযুঁজাৰুৰ বিৰুদ্ধে অশ্লীল শব্দ ব্যৱহাৰ কৰিছিল। আমি প্ৰধানমন্ত্ৰীৰ কাষ চাপিছো।”

আজি যন্তৰ মন্তৰত প্ৰতিবাদত সমবেত হোৱা ৩০ গৰাকী মল্লযুঁজাৰুৰ ভিতৰত ৰিঅ’ অলিম্পিকৰ পদক বিজয়ী সাক্ষী মালিক, বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী সৰিতা মোৰ, সংগীতা ফ’গাট, সত্যৱত মালিক, জিতেন্দৰ কিনহা আৰু চি ডব্লিউ জিৰ পদক বিজয়ী সুমিত মালিক অন্যতম।

বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী তথা অলিম্পিয়ান ভিনেশে লগতে লক্ষ্ণৌৰ ৰাষ্ট্ৰীয় শিবিৰৰ কেইবাগৰাকীও প্ৰশিক্ষকে মহিলা মল্লযুঁজাৰুক শোষণ কৰা বুলি দাবী কৰে। তেওঁৰ অভিযোগ মতে প্ৰশিক্ষণ শিবিৰত দুই-এগৰাকী মহিলা কৰ্মচাৰীয়ে ডব্লিউ এফ আইৰ সভাপতিৰ নিৰ্দেশত মহিলা মল্লযুঁজাৰু সকলৰ কাষ চাপি প্ৰলোভন দেখুৱায় আৰু নিৰ্যাতনত সহায় কৰে।

ভিনেশে লগতে ৰাষ্ট্ৰীয় ফেডাৰেচনৰ ঘনিষ্ঠ কোনো কোনো প্ৰশিক্ষকে আনকি নাবালিকা শিকাৰুসকলকো শোষণ কৰিছে বুলি গুৰুতৰ অভিযোগ তুলিছে। প্ৰশিক্ষক সকলৰ এনে ঘৃণনীয় আতিশয্যৰ ফলত বহু কণমানি ছোৱালী ক্ষতিগ্ৰস্ত হৈছে বুলি দাবী কৰে ভিনেশ ফ’গাটে।

“মই কমেও ১০-১২ গৰাকী মহিলা মল্লযুঁজাৰুক চিনি পাওঁ যিসকলে মোক ডব্লিউ এফ আইৰ সভাপতিৰ হাতত সন্মুখীন হোৱা যৌন শোষণৰ কথা কৈছে। তেওঁলোকে মোক তেওঁলোকৰ কাহিনী কৈছে। মই এতিয়া তেওঁলোকৰ নাম ল’ব নোৱাৰো, কিন্তু যদি আমি দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব পাৰোঁ, নিশ্চিতভাৱে নাম প্ৰকাশ কৰিব পাৰিম।”-যন্তৰ মন্তৰত চাৰি ঘণ্টীয়া ধৰ্ণাৰ সময়ত সংবাদ মাধ্যমক সম্বোধন কৰি ভিনেশে এইদৰে কয়।

আনহাতে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বজৰং পুনিয়াই কয় যে ফেডাৰেচন স্বেচ্ছাচাৰীভাৱে পৰিচালনা কৰা হৈছে আৰু ডব্লিউ এফ আইৰ সভাপতিক অপসাৰণ নকৰালৈকে মল্লযুঁজাৰুসকলে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে। “আমাৰ যুঁজ চৰকাৰ বা ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ বিৰুদ্ধে নহয়। এয়া ডব্লিউ এফ আইৰ বিৰুদ্ধে। ডব্লিউ এফ আইৰ সভাপতি অপসাৰণ নোহোৱালৈকে আমি এই প্ৰতিবাদ অব্যাহত ৰাখিম।”— এইদৰে কয় বজৰং পুনিয়াই।

ইফালে খেলুৱৈসকলৰ এই অভিযোগৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডব্লিউ এফ আইৰ সভাপতি বৃজভূষণ শৰণ সিঙে। এই গুৰুতৰ অভিযোগ অস্বীকাৰ কৰি সিঙে ফেডাৰেচনে নিৰ্যাতন চলোৱা বুলি ক’ব পৰা কোনো খেলুৱৈৰ নাম ৰেকৰ্ডত আছে নেকি বুলি উলোটাই প্ৰশ্ন উত্থাপন কৰিছে। “যদি ফেডাৰেচনৰ সৈতে আপোনালোকৰ এনে সমস্যা আছিল, তেন্তে ১০ বছৰ ধৰি কোনেও সেয়া কিয় উত্থাপন কৰা নাছিল?” বুলি মন্তব্য কৰিছে সিঙে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাৰাত্মক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি জয়ী হৈছিল! ‘জুৰাছিক পাৰ্ক’ খ্যাত অভিনেতা ছেম নীলৰ দেহাৱসান

মাৰাত্মক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি জয়ী হৈছিল! ‘জুৰাছিক পাৰ্ক’ খ্যাত অভিনেতা ছেম নীলৰ দেহাৱসান

July 13, 2026 1:39 pm
দেশত কৰোনাত ২ জনৰ মৃত্যু, পুনৰ বিয়পিছে সংক্ৰমণ! পৰিস্থিতি কিমান উদ্বেগজনক?

দেশত কৰোনাত ২ জনৰ মৃত্যু, পুনৰ বিয়পিছে সংক্ৰমণ! পৰিস্থিতি কিমান উদ্বেগজনক?

July 13, 2026 12:47 pm
প্ৰথম ছেট হেৰুৱাইও দুৰ্দান্ত প্ৰত্যাৱৰ্তন! একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন খিতাপ জয় ছিনাৰৰ

প্ৰথম ছেট হেৰুৱাইও দুৰ্দান্ত প্ৰত্যাৱৰ্তন! একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন খিতাপ জয় ছিনাৰৰ

July 13, 2026 11:50 am
খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

July 13, 2026 10:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাৰাত্মক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি জয়ী হৈছিল! ‘জুৰাছিক পাৰ্ক’ খ্যাত অভিনেতা ছেম নীলৰ দেহাৱসান

মাৰাত্মক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি জয়ী হৈছিল! ‘জুৰাছিক পাৰ্ক’ খ্যাত অভিনেতা ছেম নীলৰ দেহাৱসান

July 13, 2026 1:39 pm
দেশত কৰোনাত ২ জনৰ মৃত্যু, পুনৰ বিয়পিছে সংক্ৰমণ! পৰিস্থিতি কিমান উদ্বেগজনক?

দেশত কৰোনাত ২ জনৰ মৃত্যু, পুনৰ বিয়পিছে সংক্ৰমণ! পৰিস্থিতি কিমান উদ্বেগজনক?

July 13, 2026 12:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd