ছেপ্টেম্বৰৰ পাছত পুনৰ আৰম্ভ হ’ব ভাৰত-বাংলাদেশক সংযোগ কৰা ফেনী নদীৰ দলঙৰ কাম

indo-bangla-feni-bridge-construction-belonia-sub-division-pwd-dinesh-chandra-aggarwal-infracom-private-limited-nhai-sabroom-dak-bungalow-infra-news-india-infra-sector-india_49313

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তৰ্গাঁথনি বিকাশ নিগমৰ (National Haighways and Infrastructure Development Corporation চমুকৈ NHIDCL) প্ৰশাসন আৰু বিত্ত বিভাগৰ সঞ্চালক সত্যব্ৰত ছাহুৱে নৰ্থ-ইষ্ট নাওক জনাইছে যে ভাৰত-বাংলাদেশক সংযোগ কৰা ১৫০ মিটাৰ দৈৰ্ঘ্যৰ ফেনী নদীৰ ওপৰত নিৰ্মীয়মান দলঙৰ কাম ছেপ্টেম্বৰৰ পাছত পুনৰ আৰম্ভ কৰা হ’ব।

তেওঁ জনাইছে যে বৰষুণৰ বাবে দলংখনৰ নিৰ্মাণকাৰ্য সদ্যহতে বন্ধ কৰি ৰখা হৈছে। তেওঁ  কৈছে, ‘‘এই দলংখনৰ পৰা ত্ৰিপুৰা আৰু বাংলাদেশৰ জনসাধাৰণ লাভান্বিত হ’ব।’’

এই দলংখনে বাণিজ্যিক দিশত সহায়ক হ’ব বুলি সঞ্চালকগৰাকীয়ে কৈছে। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু পাৰ্বত্য এলেকাসমূহৰ স্বাৰ্থৰ কথা মনত ৰাখিয়েই এই দলংখন নিৰ্মাণ কৰা হৈছে বুলি তেওঁ কয়।

তেওঁ আৰু কৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তৰ্গাঁথনি বিকাশ নিগমে বিগত বছৰ কেইটাত উত্তৰ পূবৰ ৰাজ্যসমূহত বহুতো উন্নত গুণমান বিশিষ্ট বাট-পথ নিৰ্মাণ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তৰ্গাঁথনি বিকাশ নিগমে প্ৰায় ১৩,০০০ কি:মি: স্থলপথ নিৰ্মাণ কৰিছে বুলি ছাহুৱে কয়।

তেওঁ আৰু কয় যে সীমান্তত পথ নিৰ্মাণ কৰাটোৰ দেশখনৰ বাবে এটা ৰণনীতিমূলক গুৰুত্ব আছে।

ছাহুৱে কৈছে, ‘‘উপ মহাদেশখনত ভাৰতৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে যোগাযোগ বৃদ্ধি কৰিব বিচাৰোঁ। দেশৰ সুৰক্ষাৰ বাবে আন্তৰ্গাঁথনি বিকাশ কৰাটো জৰুৰী। দেশৰ বাণিজ্য আৰু ব্যৱসায়ৰ বাবেও এয়া জৰুৰী। উন্নত বাট-পথে দেশৰ ভিতৰুৱা এলেকাত বাস কৰা লোকসকলক প্ৰভুত সহায় কৰিছে।’’