NORTHEAST NOW (Assamese)

বৰপেটাৰ মহীৰূহ গোকুল পাঠকৰ স্মৃতিত পুথিভঁড়াল আৰু সংগ্ৰহালয় নিৰ্মাণৰ শুভাৰম্ভ; সাংসদে পাহৰিলে প্ৰতিশ্ৰুতি

December 10, 2020 7:18 pm · পুলেন্দ্র দাস
প্ৰয়াত গোকুল পাঠকৰ ফাইল ফটো।

কলাগুৰু বিষ্ণুৰাভা, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ সংগী বিশিষ্ট শিল্পী, সাহিত্যিক, সাংবাদিক প্ৰয়াত গোকুল পাঠকৰ স্মৃতিৰাজি সংৰক্ষণৰ বাবে আজি গোকুল পাঠক পুথিভঁড়াল আৰু সংগ্ৰহালয় নিৰ্মাণৰ শুভাৰম্ভ কৰা হয় ৷

প্ৰয়াত গোকুল পাঠকৰ জেইল ৰোডস্থিত বাসভৱনত পুথিভঁড়াল আৰু সংগ্ৰহালয় নিৰ্মাণৰ শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷

বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ বিধায়ক পুজিৰ ৬ লাখ টকা ব্যয় সাপেক্ষে এই পুথিভঁড়াল আৰু সংগ্ৰহালয় নিৰ্মাণৰ শুভাৰম্ভ কৰা হয় ৷

আজিৰ শুভাৰম্ভ অনুষ্ঠানত ৱাৰ্ড মেম্বাৰ নয়ণমণি ওজা, গোকুল পাঠকৰ পুত্ৰ দীপক কুমাৰ পাঠক, জোৱাই অবনী কুমাৰ দাস উপস্থিত থাকে ৷

গোকুল পাঠকৰ নাতি নাৰয়ণ পাঠকে আঁত ধৰা অনুষ্ঠানত স্থানীয় একাংশ ৰাইজ উপস্থিত থাকে ৷

উল্লেখ্য যে, বৰপেটাৰ মহীৰূহ গোকুল পাঠক শয্যাগত অৱস্থাত থাকোতে গোকুল পাঠকৰ স্মৃতিৰাজি সংৰক্ষণৰ বাবে এটা সংগ্ৰহালয় নিৰ্মাণ কৰিব বুলি বৰপেটাৰ সাংসদ আব্দুল খালেকে প্ৰতিশ্ৰুতি দিছিল ৷

যোৱা ১০ মেত গোকুল পাঠকৰ মৃত্যু হয় যদিও বৰপেটাৰ সাংসদ গৰাকীয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা দূৰৰ কথা গোকুল পাঠকৰ মৃত্যুৰ ছয় মাহ উকলি যোৱাৰ পিছতো পৰিয়ালৰ খা-খবৰ নল’লে৷

গোকুল পাঠকৰ সমাধিক্ষেত্ৰ সংৰক্ষণ কৰাৰ বাবে সাংসদ গৰাকীয়ে ব্যৱস্থা লব বুলি আশা প্ৰকাশ কৰিছে গোকুল পাঠকৰ পৰিয়ালবৰ্গই ৷

Related News