কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত আহত শ্ৰমিকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু

terror attack in Jammu Kashmir

বুধবাৰে কাশ্মীৰৰ শ্ৰীনগৰৰ হাব্বা কদল অঞ্চলত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত আহত হোৱা পঞ্জাৱৰ এজন শ্ৰমিকৰ আজি পুৱা চিকিৎসাধীন অৱস্থান মৃত্যু হয়।

শ্ৰীনগৰৰৰ SKIMS হাস্পতালত চিকিৎসাধীন হৈ আছিল আঘাতপ্ৰাপ্ত ৰোহিত মাছিহ নামৰ শ্ৰমিকজন। মাছিহৰ মৃত্যুৰ লগে লগে এই আক্ৰমণত নিহতৰ সংখ্যা দুজনলৈ বৃদ্ধি পায়।

হাব্বা কদল অঞ্চলত সংঘটিত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত পঞ্জাৱৰ আন এজন শ্ৰমিক অমৃতপল সিঙৰ ইতিপূৰ্বে মৃত্যু হৈছিল।

পাকিস্তানৰ সন্ত্ৰাসবাদী গোট লস্কৰ-ঈ-তৈবাৰ অন্তৰ্গত‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ (TRF) এই আক্ৰমণৰ আঁৰত থকা বুলি জানিব পৰা গৈছে।

এই আক্ৰমণৰ পিছতে কৰ্তৃপক্ষই নিৰাপত্তা ব্যৱস্থা তীব্ৰতৰ কৰি তোলাৰ লগতে উপত্যকাটোৰ জনসাধাৰণক সতৰ্ক আৰু সজাগ হ’বলৈ আহ্বান জনাইছে।

জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ৰাজনৈতিক দলসমূহে এই আক্ৰমণৰ তীব্ৰ গৰিহণা দিছে।

ইফালে নিহত শ্ৰমিক দুজনৰ প্ৰসংগ উত্থাপন কৰি লোকসভাত লুধিয়ানাৰ কংগ্ৰেছৰ সাংসদ ৰৱনীত সিঙে উদ্বেগ প্ৰকাশ কৰে।

সিঙে এয়া চিন্তাৰ বিষয় বুলি অভিহিত কৰি হত্যাকাণ্ডৰ আঁৰৰ কাৰণ কি সেই বিষয়ে শংকা প্ৰকাশ কৰে। লগতে তেওঁ শ্ৰমিক দুজনৰ পৰিয়ালৰ যত্ন লোৱাৰো আহ্বান জনায়।

আনহাতে নেশ্যনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাই এক সভাত মন্তব্য ৰাখি সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ বিধান বাতিলৰ ফলত কি লাভ হ’ল বুলি প্ৰশ্ন কৰে।