উপযুক্ত চিকিৎসাৰ অভাৱত আজি পুৱা বিশ্বনাথৰ দিৰিং চাহ বাগিচাত এজন শ্ৰমিকৰ মৃত্যু হ’বলগীয়া হোৱাক কেন্দ্ৰ কৰি বাগিচাখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ক্ষুব্ধ শ্ৰমিসকলে বাগিচাৰ কাম বন্ধ কৰি বাগিচাৰ চিকিৎসালয়খন ঘেৰাও কৰি ৰাখে।
ঘটনা অনুসৰি বাগিচাখনৰ ৰাজেন ৰাউতিয়া নামৰ এজন শ্ৰমিকক পেটৰ বিষত আক্ৰান্ত হোৱাত দেওবাৰে পুৱা বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। দিনটো বাগিচাৰ চিকিৎসালয়তে ৰখাৰ পিছত ৰাজেনক বিয়লি বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
কিন্তু অৱস্থা গুৰুতৰ দেখি চিকিৎসকে তেওঁক বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ পৰা তেজপুৰলৈ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও আধা বাটতে ৰাজেনৰ মৃত্যু হয়৷
আনহাতে ৫ ঘন্টা ধৰি ভৰ্তি হৈ থকা বাগিচাৰ চিকিৎসালয়ত ৰাজেনে উপযুক্ত চিকিৎসা লাভ নকৰাৰ অভিযোগ উঠিছে। আজি পুৱাই শ্ৰমিকসকলে বাগিচাৰ কাম বন্ধ কৰি চিকিৎসালয় ঘেৰাও কৰাৰ লগতে বাগিচাৰ পৰিচালকৰ তথা চিকিৎসা কৰ্মীসকলক আবদ্ধ কৰি ৰাখে।
আনকি পিছত শ্ৰমিকক বুজাবলৈ অহা চাহ মজদুৰ সংঘৰ বিশ্বনাথ চাৰ্কোলৰ সভাপতি নগেন গোৱালাৰ লগত একাংশ শ্ৰমিকৰ হতাহতিও হয়। ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বালিচাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও ক্ষুব্ধ ৰাইজে আৰক্ষীক ওভতাই পঠায় ৷
বাগিচাৰ চিকিৎসালয়ত দীৰ্ঘদিন ধৰি ঔষধ পাতিৰ অভাৱৰ বিষয়ে বাগিচাৰ কৰ্তৃপক্ষক অৱগত কৰি অহা হৈছিল যদিও কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ক্ষুব্ধ শ্ৰমিকে অভিযোগ আনে।