বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণত আৰক্ষীৰ কৰণীয় সন্দৰ্ভত আৰণ্যকৰ কর্মশালা সম্পন্ন

IMG-20190818-WA0046

ফটো : নৰ্থইষ্ট নাও

ৰাজ্যৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত জিলা আৰক্ষীৰ সহযোগত দেওবাৰে মঙ্গলদৈত ‘বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণত আৰক্ষীৰ ভূমিকা” শীর্ষক এক কর্মশালা অনুষ্ঠিত হয়।

মঙলদৈৰ আৰক্ষী অধীক্ষকৰ আলোচনা কক্ষত দৰং জিলাৰ নির্বাচিত আৰক্ষীৰ মাজত আয়োজিত এই কর্মশালাত গঁড়কে ধৰি সকলো বন্যপ্রাণীৰ সৈতে জড়িত অপৰাধ নিয়ন্ত্রণ কৰাত আৰক্ষীয়ে ল’ব পৰা ভূমিকা সম্পৰ্কে আলোচনা কৰা হয় ৷

কৰ্মশালাৰ আৰম্ভণিতেই অসমৰ বিভিন্ন প্ৰান্তত চলি থকা বন্যপ্রাণী অপৰাধৰ ওপৰত আৰণ্যকৰ সচিব প্রধান ড৹ বিভৱ কুমাৰ তালুকদাৰে এক সচিত্ৰ উপস্থাপন দাঙি ধৰে।

ড৹ বিভৱ কুমাৰ তালুকদাৰে জনোৱা মতে ইতিমধ্যে ৰাজ্যখনৰ গোলাঘাট, কাৰ্বি আংলং আদি জিলাত এনেধৰণে বিশেষকৈ আৰক্ষী সকলৰ মাজত বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ শীর্ষক কর্মশালা অনুষ্ঠিত কৰি থকা হৈছে ।

মঙ্গলদৈত আয়োজিত কৰ্মশালাত দৰং জিলাৰ নির্বাচিত ৩০ জন আৰক্ষী বিষয়া আৰু তিনিজন উপ-আৰক্ষী অধীক্ষকে অংশ গ্রহণ কৰে ৷

কৰ্মশালাত দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই  উপস্থিত থাকি কয় যে ৰাজ্যত প্ৰতিদিনে বন্যপ্রাণী অপৰাধ বৃদ্ধি পাব ধৰিছে।

তেওঁ লগতে কয় যে ইয়াৰ বাবে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণৰ এনেধৰণৰ কর্মশালাই  আৰক্ষীক যথেষ্ট সহায় কৰিব।

কৰ্মশালাত উপস্থিত থাকি মঙ্গলদৈৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ গগৈয়ে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ কৰিবলৈ হ’লে অপৰাধৰ ঘটনাবোৰ বৈজ্ঞানিক ভিত্তিত তদন্ত হ’ব লাগিব বুলি মন্তব্য কৰে ৷

আনহাতে, পৰিৱেশ কর্মী তথা অ’নাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন কৌশিক বৰুৱাই কৰ্মশালাত উপস্থিত থাকি ৰাজ্য খনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ কৰাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ কথা উল্লেখ কৰে।

তেওঁ কয় যে আৰণ্যকে ইতিমধ্যে এনেধৰণৰ কর্মশালা অনুষ্ঠিত কৰাৰ উপৰি চোৰাং চিকাৰী কৰায়ত্ত কৰাত সহায় কৰাৰ বাবে কেবাটাও উচ্চ প্ৰশিক্ষিত স্নিফাৰ ডগ বন বিভাগ আৰু আৰক্ষীক প্রদান কৰিছে।

ইতিমধ্যেই কে- ৯ নামৰ আঁচনিৰ অধীনত আৰণ্যকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং আৰু পবিতৰাত মুঠ পাঁচটা স্নিফাৰ ডগৰ ইউনিট স্থাপন কৰি বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ কৰাত বনকৰ্মীক সহযোগ আগবঢ়াই আহিছে।

কৰ্মশালাত অধিবক্তা অজয় কুমাৰ দাসে আৰক্ষী বিষয়া সকলক ১৯৭২ চনৰ বন্যপ্রাণী নিয়ন্ত্রণ আইন সম্পর্কে বিস্তৃতভাৱে বৰ্ণনা কৰি আৰক্ষীয়ে কন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ কৰাত কেনেদৰে আগবাঢ়ি যাব পাৰে তাৰ ওপৰত আলোচনা আগবঢ়ায় ।