বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বন্যপ্ৰাণীৰ বৰ্দ্ধিত অবৈধ ব্যৱসায়ৰ বিপক্ষে আৰণ্যকৰ সাংবাদিককলৈ কৰ্মশালা

Aranyak

বন্যপ্ৰাণীৰ বৰ্দ্ধিত অবৈধ ব্যৱসায়ৰ প্ৰতি লক্ষ্য ৰাখি আৰণ্যকে ইয়াৰ অন্তৰ্গত “Disrupt and End Trade in Endangered and Rare Species” (DETER) ৰ তত্বাবধানত বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আজি কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৪৫ গৰাকী কামৰূপ আৰু দৰং জিলাৰ সাংবাদিককলৈ এখন কৰ্মশালা অনুষ্ঠিত কৰে৷

এই কৰ্মশালা খন কামৰূপ জিলা প্ৰশাসন আৰু জন সংযোগ বিভাগৰ সহযোগিতাত অনুষ্ঠিত কৰা হয়৷ কৰ্মশালাখনত কামৰূপ জিলা উন্নয়ন বিষয়া শ্ৰী নৰসিং বে ৰ উপস্থিতিত DETER ৰ আনুষ্ঠানিক ভাবে মুকলি কৰা হয় ৷

তেখেতে আৰণ্যকৰ পদক্ষেপবোৰক প্ৰশংসা কৰাৰ লগতে বন্য প্ৰাণীৰ অবৈধ ব্যৱসায়ৰ বিপক্ষে আগবাঢ়ি আহিবলৈ সকলোকে অনুৰোধ জনায় ৷

আৰণ্যকৰ সচিব প্ৰধান আৰু মূখ্য কাৰ্যবাহী ড০ বিভৱ কুমাৰ তালুকদাৰে আৰণ্যকে লৈ থকা বিভিন্ন পদক্ষেপৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে জনাই যে বৰ্তমান বিশ্বৰ চতুৰ্থ স্থান দখল কৰা বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায় মুঠ ২৩ বিলিয়ন ডলাৰলৈ সম্প্ৰসাৰিত হৈছে ৷

তেখেতে এই অবৈধ ব্যৱসায়ৰ লগত অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছৰ অবৈধ ব্যৱসায়েও ক্ষীপ্ৰতাৰে গা কৰি উঠা সম্পৰ্কত উদ্দিগ্নতা প্ৰকাশ কৰিছে৷

এই অনুষ্ঠানতে আৰণ্যকৰ আইন আৰু ওকালতি সম্পৰ্কীয় বিভাগৰ প্ৰবন্ধক ড০ জিমি বৰাই প্ৰচলিত বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে ইয়াৰ প্ৰতিৰোধ কৰাৰ বিভিন্ন ব্যৱস্থাপনাৰ বিষয়ে উল্লেখ কৰে ৷

আৰণ্যকৰ প্ৰকল্প বিষয়া আইভি ফাৰহিন হুছেইনে DETER ৰ উদ্দেশ্যৰ লগতে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰে ৷

কামৰূপ জিলাৰ জন সংযোগ বিভাগৰ বিষয়া মঞ্জুৰাণী ডেকা ডাঙৰীয়ানীয়ে আৰণ্যকৰ এই ব্যতিক্ৰমী পদক্ষেপক প্ৰশংসা কৰি আটাইকে এই প্ৰচেষ্টাত সহযোগ আগ বঢ়াবলৈ আহ্বান জনায় ৷

সাংবাদিক সকলে আৰণ্যকৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে ভৱিষ্যতেও অসমৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায় ৷