NORTHEAST NOW (Assamese)

আৰণ্যকৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় নিয়ন্ত্ৰণ সম্পৰ্কত কৰ্মশালা

February 19, 2022 11:11 am · উত্তম শইকীয়া ,বোকাখাত
Updated: February 19, 2022 11:13 am

চৰাইদেউ জিলাৰ সোণাৰীত আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত বন্যপ্ৰাণী অপৰাধ আৰু আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় নিয়ন্ত্ৰণ সম্পৰ্কত এক কৰ্মশালা অনুষ্ঠিত হয় ৷

অসম- নাগালেণ্ড সীমাৰ উপৰি আন্ত:ৰাষ্ট্ৰীয় সীমান্তত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে এনেবোৰ অপৰাধ নিয়ন্ত্ৰণত এক গুৰুত্বপূৰ্ণ ভুমিকা ল’ব পাৰে ৷ চৰাইদেউ জিলাই যিহেতু নাগালেণ্ড আৰু অৰুণাচলৰ সীমাৰ উপৰি ম্যানমাৰৰ  সীমান্তও স্পৰ্শ কৰি আছে , সেয়ে এই সীমান্তত বন্যপ্ৰাণীৰ বিৰুদ্ধে ঘটা অপৰাধ নিয়ন্ত্ৰণৰ বিষয়টোও গুৰুত্বপূৰ্ণ বিষয় হিচাবে চিহ্নিত হৈছে।

এনেবোৰ বিষয়ক সামৰিয়েই চৰাইদেউ জিলাৰ  আৰক্ষী অধীক্ষকৰ বিশেষ উদ্যোগত আৰণ্যকে  এক কৰ্মশালা অনুষ্ঠিত কৰে ৷ সোণাৰী আৰক্ষী থানাৰ সভাগৃহত আয়োজিত এই কৰ্মশালাত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং,  আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰ, আৰণ্যকৰ আইন কোষৰ জ্যেষ্ঠ প্ৰৱন্ধক ড৹ জিমি বৰা, প্ৰকল্প বিষয়া আইভী ফাৰহীন হোছেইন, সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ উপৰি জিলাখনৰ বিভিন্ন আৰক্ষী থানাৰ পৰা অহা বিষয়াসকলে অংশগ্ৰহণ কৰে ৷

কৰ্মশালাত ড৹ বিভৱ কুমাৰ তালুকদাৰে গঁড়ৰ খৰ্গৰ আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ৰ পটভুমিত বিশ্বত গঢ়ি উঠা বন্যপ্ৰাণীৰ অংগৰ ভয়াৱহ ব্যৱসায় আৰু ইয়াৰ প্ৰতিৰোধ সন্দৰ্ভত সচিত্ৰ উপস্থাপনেৰে বিস্তৃত বাখ্যা দাঙি ধৰে ৷ বন্যপ্ৰাণীৰ চোৰাং বেহাৰ লগতে  অস্ত্ৰৰ সৰবৰাহ  আৰু ড্ৰাগছ ব্যৱসায়ে ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু প্ৰাকৃতিক সম্পদৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিছে বুলি তেওঁ মন্তব্য কৰে ৷

কৰ্মশালাত বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায় নিয়ন্ত্ৰণত আৰক্ষীৰ দৰে আইন বলৱৎকাৰী সংস্থাসমূহে কেনেদৰে পৰিৱৰ্তন আনিব পাৰে সেই বিষয়ত ড৹ জিমি বৰাই বক্তব্য আগবঢ়ায় ৷

কৰ্মশালা অনুষ্ঠিত কৰাৰ  বাবে আৰণ্যকক ধন্যবাদ জনায় আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ।এনে কৰ্মশালাই আৰক্ষী বিষয়াসকলক বন্যপ্ৰাণীৰ বিৰুদ্ধে ঘটি থকা  অপৰাধ নিয়ন্ত্ৰণত  সহায় কৰিব বুলি মন্তব্য কৰি তেওঁ আৰক্ষীৰ বাবে এনে কৰ্মশালা নিয়মিত ভাৱে অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে অকল চৰাইদেউতে নহয়, বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ স্বাৰ্থতে আৰণ্যকে এনে বহু কৰ্মশালা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত  কৰি আহিছে ৷

Related News