• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনি অনা-অসমীয়া বনিয়াক গুৱাহাটীৰ ৫৮ বিঘা মাটি পানীৰ দৰত গতালে মোদীৰ চৰকাৰে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 19, 2022 12:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটোৰ পিছত সিটোকৈ ৰাজহুৱা খণ্ডৰ সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া মোদীৰ চৰকাৰে এইবাৰ অসমৰ মাটিও বহিৰাগত বনিকৰ হাতত তুলি দিবলৈ ওলাইছে।গুৱাহাটী মহানগৰীৰ প্ৰায় ৫৮ বিঘা মাটি চৰকাৰে অতি কৌশলেৰে তিনি জন বহিৰাগত বনিকক গতাই দিয়াৰ পৰিকল্পনা একপ্ৰকাৰ চূড়ান্ত কৰিছে। চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ কথা ৰাজহুৱা হোৱাৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য ভাৰতীয় ৰে’লৰ অধীনত থকা গুৱাহাটীৰ প্ৰায় ৫৮বিঘা মাটি প্ৰায় ১০০কোটি টকাৰ বিনিময়ত ৯৯বছৰৰ বাবে লীজত দিবলৈ ওলাইছে মোদীৰ চৰকাৰে।

Apply Now

মহানগৰীৰ গুৱাহাটী ক্লাৱৰ চি কে আগৰৱালা পথৰ উইনথ্ৰব হাস্পতালৰ প্ৰায় গাতে লাগি থকা ১৮ বিঘা মাটিৰ লগতে পল্টন বজাৰ ৰে’ল ষ্টেচনৰ কাষৰে আন ৪০বিঘা মাটিও লীজত দিয়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলা বুলি জানিব পৰা গৈছে। ঋষি গুপ্তা, উত্তম বেৰিয়া, অৰুণ বাজাজ নামৰ তিনিজন অনা-অসমীয়া ব্যৱসায়ীক পানীৰ দৰতে এই বৃহৎ পৰিমাণৰ মাটি লীজ দিয়াৰ কথাই বহুতকে স্তম্ভিত কৰি তুলিছে।

গুৱাহাটী ক্লাৱৰ মাটি খিনিৰ বাবে ব্যৱসায়ী তিনিজনে ২২কোটি আৰু পল্টন বজাৰৰ মাটিৰ বাবে ৭৫কোটি টকা আদায় দিছে বুলি জানিব পৰা গৈছে ।

লক্ষ্যণীয় কথাটো হ’ল কেন্দ্ৰৰ প্ৰত্যক্ষ হস্তক্ষেপত এনেদৰে অসমৰ মাটি বহিৰাগত বনিক গতাই দিয়াৰ পিছতো জাতি-মাটি-ভেটিৰ কথা কোৱা ৰাজ্য চৰকাৰ খনৰ কোনো এগৰাকী মন্ত্ৰী-বিধায়কেই মুখেৰে টু শব্দ এটাও উচ্চাৰণ কৰা নাই।

দিল্লীৰ স্তাৱকৰ ৰূপত তেওঁলোকে এইক্ষেত্ৰত অৱলম্বন কৰিছে মাত্ৰ ৰহস্যজনক মৌনতা। দিল্লী-দিছপুৰৰ পৰা সেউজ সংকেত পোৱাৰ পিছতে তিনি অনা-অসমীয়া বনিয়াই পানীৰ দৰত লাভ কৰা ভূমিত পূৰ্ণোদ্যমে আৰম্ভ কৰিছে নিৰ্মাণ কাৰ্য।

সকলো কথা চকুৰ আগতে ঘটি থকাৰ পিছতো কেৱল তধা লাগি চাই থাকিবলগীয়া হৈছে মুক জনতাই। জাতীয়তাবাদী দল-সংগঠন সমূহেও এনে কাৰ্যৰ প্ৰতিবাদ কৰাৰ বিপৰীতে মুখত পিঠা ভৰাই থকাহে পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd