• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰণ্যকৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় নিয়ন্ত্ৰণ সম্পৰ্কত কৰ্মশালা

উত্তম শইকীয়া ,বোকাখাত by উত্তম শইকীয়া ,বোকাখাত
February 19, 2022 11:11 am
2k
VIEWS
Share on FacebookShare on Twitter

চৰাইদেউ জিলাৰ সোণাৰীত আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত বন্যপ্ৰাণী অপৰাধ আৰু আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় নিয়ন্ত্ৰণ সম্পৰ্কত এক কৰ্মশালা অনুষ্ঠিত হয় ৷

অসম- নাগালেণ্ড সীমাৰ উপৰি আন্ত:ৰাষ্ট্ৰীয় সীমান্তত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে এনেবোৰ অপৰাধ নিয়ন্ত্ৰণত এক গুৰুত্বপূৰ্ণ ভুমিকা ল’ব পাৰে ৷ চৰাইদেউ জিলাই যিহেতু নাগালেণ্ড আৰু অৰুণাচলৰ সীমাৰ উপৰি ম্যানমাৰৰ  সীমান্তও স্পৰ্শ কৰি আছে , সেয়ে এই সীমান্তত বন্যপ্ৰাণীৰ বিৰুদ্ধে ঘটা অপৰাধ নিয়ন্ত্ৰণৰ বিষয়টোও গুৰুত্বপূৰ্ণ বিষয় হিচাবে চিহ্নিত হৈছে।

এনেবোৰ বিষয়ক সামৰিয়েই চৰাইদেউ জিলাৰ  আৰক্ষী অধীক্ষকৰ বিশেষ উদ্যোগত আৰণ্যকে  এক কৰ্মশালা অনুষ্ঠিত কৰে ৷ সোণাৰী আৰক্ষী থানাৰ সভাগৃহত আয়োজিত এই কৰ্মশালাত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং,  আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰ, আৰণ্যকৰ আইন কোষৰ জ্যেষ্ঠ প্ৰৱন্ধক ড৹ জিমি বৰা, প্ৰকল্প বিষয়া আইভী ফাৰহীন হোছেইন, সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ উপৰি জিলাখনৰ বিভিন্ন আৰক্ষী থানাৰ পৰা অহা বিষয়াসকলে অংশগ্ৰহণ কৰে ৷

কৰ্মশালাত ড৹ বিভৱ কুমাৰ তালুকদাৰে গঁড়ৰ খৰ্গৰ আন্ত:ৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ৰ পটভুমিত বিশ্বত গঢ়ি উঠা বন্যপ্ৰাণীৰ অংগৰ ভয়াৱহ ব্যৱসায় আৰু ইয়াৰ প্ৰতিৰোধ সন্দৰ্ভত সচিত্ৰ উপস্থাপনেৰে বিস্তৃত বাখ্যা দাঙি ধৰে ৷ বন্যপ্ৰাণীৰ চোৰাং বেহাৰ লগতে  অস্ত্ৰৰ সৰবৰাহ  আৰু ড্ৰাগছ ব্যৱসায়ে ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু প্ৰাকৃতিক সম্পদৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিছে বুলি তেওঁ মন্তব্য কৰে ৷

কৰ্মশালাত বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায় নিয়ন্ত্ৰণত আৰক্ষীৰ দৰে আইন বলৱৎকাৰী সংস্থাসমূহে কেনেদৰে পৰিৱৰ্তন আনিব পাৰে সেই বিষয়ত ড৹ জিমি বৰাই বক্তব্য আগবঢ়ায় ৷

কৰ্মশালা অনুষ্ঠিত কৰাৰ  বাবে আৰণ্যকক ধন্যবাদ জনায় আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ।এনে কৰ্মশালাই আৰক্ষী বিষয়াসকলক বন্যপ্ৰাণীৰ বিৰুদ্ধে ঘটি থকা  অপৰাধ নিয়ন্ত্ৰণত  সহায় কৰিব বুলি মন্তব্য কৰি তেওঁ আৰক্ষীৰ বাবে এনে কৰ্মশালা নিয়মিত ভাৱে অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে অকল চৰাইদেউতে নহয়, বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ স্বাৰ্থতে আৰণ্যকে এনে বহু কৰ্মশালা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত  কৰি আহিছে ৷

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd