NORTHEAST NOW (Assamese)

ভাৰতৰ অৰ্থনৈতিক বিকাশকলৈ বিশ্ব বেংকৰ নতুন ভৱিষ্যতবাণী, এইবাৰ বিকাশৰ হাৰ ৬.৫ শতাংশ

October 7, 2022 6:01 pm · এন ই নাও নিউজ,গুৱাহাটী

সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিশ্বৰ ৰাজনৈতিক তথা অৰ্থনৈতিক দৃশ্যপটৰো পৰিবৱৰ্তন হৈ আছে। ক’ৰবাত যদি বান, ক’ৰবাত আকৌ যুদ্ধই অৰ্থনীতিত আউল লগাইছে। এনে সময়তে ভাৰতৰ অৰ্থনৈতিক বিকাশকলৈ বিশ্ব বেংকৰ নতুন ভৱিষ্যতবাণী কৰিছে। বিশ্ব বেংকৰ মতে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ হ’ব পাৰে ৬.৫ শতাংশ

উল্লেখ্য জুন মাহত বিশ্ব বেংকে বিশ্ব অৰ্থনীতিৰ সম্ভাৱনাৰ বিষয়ত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। সেই প্ৰতিবেদনত ভৱিষ্যতবাণী কৰা হৈছিল যে ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭.৫ শতাংশ হ’ব ।

কৰোনাভাইৰাছ সংক্ৰমণৰ কুফল এতিয়াও সম্পূৰ্ণৰূপে দূৰ হোৱা নাই। ৰাছিয়া-ইউক্ৰেইন যুদ্ধই পৰিবেশ আৰু অধিক অনিশ্চিত কৰি তুলিছে।  বিশ্ব বেংকে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ ইতিবাচক সম্ভাৱনা দেখা পোৱা নাই। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ প্ৰতিনিধিৰ উপস্থিতিত শেহতীয়াকৈ ‘দক্ষিণ এছিয়াৰ অৰ্থনীতি’ সন্দৰ্ভত এক বৈঠকত বিশ্ব বেংকে ভৱিষ্যতবাণী কৰিছে যে চলিত বিত্তীয় বৰ্ষ ২০২২-২৩ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৫ শতাংশলৈ হ্ৰাস হ’ব পাৰে।

পূৰ্বৰ ভৱিষ্যতবাণী অনুসৰি ২০২২-২৩ বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭.৫ শতাংশ হ’ব পাৰে বুলি কোৱা হৈছিল যদিও এইবাৰ পূৰ্বানুমানত সেয়া ১ শতাংশ হ্ৰাস কৰা হৈছে। যোৱা বিত্তীয় বৰ্ষত (২০২১-২২) ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল ৮.৭ শতাংশ।

যোৱা বছৰ ডিচেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত বিশ্ব বেংকে কৈছিল যে ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৮.৭ শতাংশ হ’ব পাৰে। কিন্তু এপ্ৰিলত, বিশ্ব বেঙ্কৰ সংশোধিত প্ৰতিবেদনত ভাৰতত ৮ শতাংশ বৃদ্ধিৰ ভৱিষ্যতবাণী কৰা হৈছিল। জুন মাহত প্ৰকাশিত প্ৰতিবেদনত ইয়াক আৰু ০.৫ শতাংশ হ্ৰাস কৰা হৈছিল। এইবাৰ সেয়া ১ শতাংশ হ্ৰাস কৰি ৬.৫ শতাংশ কৰা হৈছে।

বিশ্ব বেংকে কৈছে যে মন্দাৱস্থাৰ সন্মুখীন হোৱা শ্ৰীলংকা বা পাকিস্তানৰ তুলনাত ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ উন্নত হৈছে বুলি বিশ্ব বেংকৰ দক্ষিণ এছিয়া বিভাগৰ মুখ্য অৰ্থনীতিবিদ হান্স টিমাৰে মন্তব্য কৰিছে।

Related News