পাকিস্তানৰ এগৰাকী শীৰ্ষ বিষয়াক দেশ খনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে কৰা ব্যৱহাৰৰ কথা ফাদিল হোৱাৰ পিছতে দেশ খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লঘু দোষতে গুৰু শাস্তিৰ সন্মুখীন হৈছিল পাক চোৰাংচোৱা সংস্থা এটাৰ প্ৰাক্তন মুৰব্বী এগৰাকী। এতিয়া সেই কথা পোহৰলৈ অহাত বিমোৰত পৰিছে ইমৰাণ খান।
জানিব পৰা মতে ইমৰাণ সন্মুখত জোৰেৰে কথা কোৱাৰ বাবে চোৰাংচোৱা সংস্থাৰ মুৰব্বীক শৌচালয়ত বন্দী কৰি ৰখা হৈছিল। সেয়া ইমৰাণ খানৰ নিৰ্দেশতে হৈছিল বুলি পাক সংবাদমাধ্যমত বাতৰি প্ৰকাশ পাইছে। পাকিস্তানৰ জিঅ’ টিভিৰ এক প্ৰতিবেদন অনুসৰি এজন হেকাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ সেই বেয়া ব্যৱহাৰৰ তথ্য পোহৰলৈ আনিছে।
প্ৰাক্তন পাক প্ৰধানমন্ত্ৰীৰ সন্মুখত উচ্চ স্বৰত কথা কোৱাৰ বাবেই পাকিস্তানৰ ফেডাৰেল ইনভেষ্টিগেচন এজেন্সিৰ (এফআইএ) প্ৰাক্তন সঞ্চালক প্ৰধানক শৌচালয়ত আটক কৰাৰ কথা প্ৰকাশ পাইছে। এফ.আই.এ.-ৰ প্ৰাক্তন সঞ্চালক প্ৰধান বছিৰ মেমনে এইখতা স্বীকাৰো কৰিছে বুলি পাকিস্তানী সংবাদ মাধ্যমে দাবী কৰিছে।
মেমনে বৈঠকত কৈছে যে তেওঁ পাকিস্তান মুছলিম লীগৰ (নৱাজ) নেতা মৰিয়ম নাৱাজক চলোৱা নিৰ্যাতনৰ বিষয়ে ইমৰানৰ সন্মুখত অলপ উচ্চ স্বৰত কৈছিল।
সেই কথাতে ক্ষুণ্ণ হৈ প্ৰধানমন্ত্ৰীৰ তদানীন্তন প্ৰধান সচিব আজম খানে তেওঁক টানি নি শৌচালয়ত আবদ্ধ কৰি ৰাখিছিল।