NORTHEAST NOW (Assamese)

পৰ্যটনৰ জৰিয়তে মহিলা সবলীকৰণৰ সম্ভাৱনাৰ বুজ ল’বলৈ মাজুলীত উপস্থিত বিশ্ববেংকৰ প্ৰতিনিধি

December 10, 2018 4:59 pm · মিটু খাটনিয়াৰ

মাজুলীত “পৰ্যটনৰ জৰিয়তে মহিলা সবলীকৰণ”ৰ সম্ভাৱনীয়তাৰ বুজ ল’বলৈ বিশ্ব বেংকৰ দুগৰাকী সদস্যাৰে গঠিত এটা প্ৰতিনিধি দলে মাজুলী ভ্ৰমণ কৰে। বিশ্ব বেংকৰ ছিনিয়ৰ প্ৰাইভেট ছেক্টৰ স্পেচিয়েলিষ্ট (ইণ্ডাষ্ট্ৰী ছ’লিউচনছ) ড০ লুইজী টুইনিং-ৱাৰ্ডৰ নেতৃত্বত অহা এই প্ৰতিনিধি দলটোৰ আনগৰাকী সদস্যা হৈছে টুৰিজম স্পেচিয়েলিষ্ট শ্ৰীমতী ৱেন্দী লি। বিশ্ব বেংকৰ প্ৰতিনিধি দুগৰাকীয়ে শনিবাৰে সন্ধিয়া উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মাজুলী জিলা প্ৰশাসনৰ লগতে মাজুলী সাংস্কৃতিক প্ৰেক্ষাপট ব্যৱস্থাপনা প্ৰাধিকৰণৰে জড়িত স্থানীয় সদস্য আৰু পৰ্যটন,  জলসম্পদসহ একাধিক বিভাগৰ মূৰব্বীসকলৰ সৈতে আলোচনাত মিলিত হয়।

মাজুলীৰ উপায়ুক্ত শ্ৰীদেৱপ্ৰসাদ মিশ্ৰৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনাত শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ অধিকাৰ শ্ৰীজনাৰ্দন দেৱগোস্বামী, দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীমাধৱ দেউৰী,  অতিৰিক্ত উপায়ুক্ত শ্ৰীনৰেণ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰীমতী লীনা দলে, ৰাজহ চক্ৰ বিষয়া শ্ৰীঅজিত কুমাৰ শৰ্মা, জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰতিনিধি শ্ৰীউমাকান্ত ৰাজখোৱা, পীতাম্বৰ দেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীঘন নাথ আদিয়ে অংশগ্ৰহণ কৰে।

মাজুলীত “পৰ্যটনৰ জৰিয়তে মহিলা সবলীকৰণ”ৰ সম্ভাৱনীয়তাৰ বুজ ল’বলৈ বিশ্ব বেংকৰ দুগৰাকী সদস্যাৰে গঠিত এটা প্ৰতিনিধি দলে মাজুলী ভ্ৰমণ কৰে। বিশ্ব বেংকৰ ছিনিয়ৰ প্ৰাইভেট ছেক্টৰ স্পেচিয়েলিষ্ট (ইণ্ডাষ্ট্ৰী ছ’লিউচনছ) ড০ লুইজী টুইনিং-ৱাৰ্ডৰ নেতৃত্বত অহা এই প্ৰতিনিধি দলটোৰ আনগৰাকী সদস্যা হৈছে টুৰিজম স্পেচিয়েলিষ্ট শ্ৰীমতী ৱেন্দী লি।

Related News