• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ ৰাইজক পুনৰ আভুৱা অগপৰ; মিত্ৰতা ভংগৰ বল অমিত শ্বাহলৈ ঠেলি স্বস্তি লৈছে নেতৃবৰ্গই

আমবাৰীৰ কাৰ্য্যালয়ত চহিদ দিৱসৰ কাৰ্য্যসূচীত ভাগ ল'লে দলৰ নেতৃবৰ্গই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 10, 2018 4:49 pm

3 min read

AGP Swahid Divas

অগপৰ শীৰ্ষ নেতাসকলে চহিদ তৰ্পণ কৰা দৃশ্য। আমবাৰীৰ কাৰ্য্যালয় প্ৰাংগণত। ফটো : য়ু বি।

348
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰা হ’ব বুলি অসমৰ জনগণক সঘনাই জনাই অহা অসম গণ পৰিষদৰ নেতৃত্ববৰ্গই সংবাদ মাধ্যমৰ আগত আজিও একেখিনি কথাকো দোহাৰে।

দলটোৱে পূৰ্বৰ দৰেই অমিত শ্বাহলৈ পত্ৰ লিখা, নাগৰিকত্ব সংশোধনী বিধেয়কখন আগন্তুক শীতকালীন অধিৱেশনত গৃহীত হ’লে মিত্ৰতাৰ পৰা ওলাই অহা, ইত্যাদি কথাৰে অসমৰ ৰাইজক পুনৰ আভুৱা ভাঁৰিলে।

আজি আমবাৰীস্থিত দলৰ কাৰ্য্যালয় প্ৰাংগণত অসম আন্দোলনৰ চহিদ খৰ্গেশ্বৰ তালুকাদৰৰ স্মৃতিত চহিদ দিৱসৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰে দলটোৱে। চহিদ তৰ্পণেৰে আৰম্ভ হোৱা কাৰ্য্যসূচীত উপস্থিত আছিল প্ৰাক্তম মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু মন্ত্ৰী কেশৱ মহন্তকে ধৰি দলটোৰ প্ৰায়কেইজন শীৰ্ষ নেতা।

চহিদ দিৱসৰ কাৰ্য্যসূচীৰ পিছতে এখন সংবাদমেল সম্বোধন কৰে দলটোৰ নেতাসকলে। অৱশ্যে চহিদ দিৱসৰ কাৰ্য্যসূচী আৰু সংবাদমেলত সভাপতি অতুল বৰা উপস্থিত নাছিল।

নেতাদ্বয়ে জনায় যে কাইলৈৰ পৰা আৰম্ভ হ’ব লগীয়া সংসদৰ অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে মিত্ৰতা ভংগৰ বাদে উপায় নাথাকিব বুলি অমিত শ্বাহলৈ দলটোৱে পত্ৰ লিখিছে।

উল্লেখযোগ্য যে এইটো কথা অগপ দলটোৱে আগতেও কৈ আহিছে যে বিধেয়কখন গৃহীত হ’লে দলটোৱে ৰাজ্যত বিজেপিৰ সৈতে থকা মিত্ৰতা ভংগ কৰিব। আনহাতে কাইলৰ পৰা আৰম্ভ হ’ব লগীয়া সংসদৰ শীতকালীন আৰু সম্ভাৱতঃ অন্তিমখন অধিৱেশনত এই বিধেয়কখন উত্থাপিত নোহোৱাটোৱে খাটাং হৈ আছে। কাৰণ বিধেয়কখন সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় কমিটীয়ে ইয়াৰ প্ৰতিবেদন এতিয়াও দিয়া নাই। যুটীয়া সংসদীয় কমিটীৰ যোৱা ২৭ নৱেম্বৰৰ বৈঠকৰ পিছত এজন সদস্য ভুৱনেশ্বৰ কলিতাই জানিবলৈ দিছিল, “বিধেয়কখনৰ প্ৰতিটো দফা আলোচনা কৰি সংশোধনৰ বাবে সময়ৰ প্ৰয়োজন হ’ব।”

গতিকে বিধেয়কখন যে কাইলৈৰ পৰা আৰম্ভ হ’ব লগীয়া শীতকালীন অধিৱেশনত উত্থাপন নহয়, সেয়া নিশ্চিত হৈ আছে বুলি অগপ দলে জানেই। ইয়াৰ পিছতো এই অধিৱেশনত বিধেয়ক গৃহীত হ’লে মিত্ৰতা ছেদ কৰাৰ বিকল্প নাথাকিব বুলি অমিত শ্বাহলৈ পত্ৰ লিখাৰ কোনো মানে নাই।

আনহাতে, বিধেয়ক গৃহত কৰা-নকৰা সিদ্ধান্তটো বিজেপি দলটোৰ সভাপতিয়ে নহয়, সংসদেহে ল’ব পাৰে। তেনেস্থলত দলটোৱে এনেকুৱা কথাৰে অসমৰ ৰাইজক আভুৱা ভাঁৰিবৰ চেষ্টা কৰা যেনহে লাগে।

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ সময়ত দলটোৱে বিজেপিৰ নেতাসকলৰ পৰা চৰম অপমানসদৃশ মন্তব্য, বিদ্ৰূপ, আৰু কটু সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত মিত্ৰতাৰ পৰা আঁতৰি অহাৰ ইংগিত দিছিল। “মিত্ৰতা ভংগ কৰিবলৈ এক মিনিটো নালাগে।” এয়া আছিল সভাপতি অতুল বৰাৰ মন্তব্য।

কিন্তু পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পিছতে দলৰ নেতৃবৰ্গই নিজৰ সেই স্থিতি ঢিলাই দিয়ে। নিজৰ সিদ্ধান্তৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে মিত্ৰতা ভংগৰ বল অমিত শ্বাহলৈ ঠেলি নিজে স্বস্তি লৈছে নেতৃবৰ্গই।

আনহাতে আজি মহন্তই সংবাদ মাধ্যমৰ আগত কয়, “মিত্ৰতা ভংগ কৰা-নকৰা সন্দৰ্ভত দলে আগন্তুক দিনত অনুষ্ঠিত কৰিব লগীয়া কাৰ্য্য নিৰ্বাহকত সিদ্ধান্ত ল’ব।”

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd