• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাত বিশ্ব হস্তী দিৱস উদযাপন; হাতত ৰং-তুলিকা লৈ ব্যস্ত কণ-কণ ছাত্ৰ-ছাত্ৰী

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , August 12, 2019 4:48 pm

2 min read

কাজিৰঙাত বিশ্ব হস্তী দিৱস উদযাপন; হাতত ৰং-তুলিকা লৈ ব্যস্ত কণ-কণ ছাত্ৰ-ছাত্ৰী
1.1k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰতো আজি বিশ্ব হস্তী দিৱস উদযাপন কৰা হয়।

অনুষ্ঠানত বোকাখাত আৰু কাজিৰঙাৰ বহু বিদ্যালয়ৰ উপৰিও বোকাখাতৰ আয়ুস্কৰ চিত্ৰকলা বিদ্যালয় আৰু ৰজাবাৰীৰ ইনষ্টিটিউত অৱ আৰ্ট এণ্ড কালচাৰৰ শিক্ষাৰ্থীকে ধৰি মুঠ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৰং-তুলিকাৰে চিত্ৰায়িত কৰে হাতীৰ বিভিন্ন ৰূপ৷

আজিৰ এই অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পেৰিয়াৰস্বামী শিৱকুমাৰ, ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, অসম ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তা কুশল শৰ্মা, অসম বাঁহ অভিযান প্ৰকল্পৰ উপ সঞ্চালক ডিম্পী বৰা, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, সত্যপ্ৰিয়া শিৱ কুমাৰ উপৰিও স্থানীয় গাওঁবুঢ়া আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীসকলে অংশগ্ৰহণ কৰে।

সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰে হাতত ৰং লৈ হাতীৰ চিত্ৰত ৰং সানি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ আদৰণী ভাষণ দিয়ে ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ৰথীন বৰ্মনে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ আৰু এলিফেন্ট ফেমেলিৰ যৌথ উদ্যোগত পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰৰ নিৱ নিৰ্মিত মাৰ্ক চান্দ হস্তী শিক্ষণ কেন্দ্ৰত আয়োজিত এই আকৰ্ষণীয় অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে হাতত ৰং সানি হাতৰ চাপেৰে হাতী অঁকাৰ উপৰিও ৰং তুলিকাৰে কেন্দ্ৰৰ দুখন প্ৰাচীৰত হাতীৰ বিভিন্ন চিত্ৰও অংকন কৰে৷

অনুষ্ঠানটো পৰিচালনা কৰে গুৱাহাটীৰ ফাইন আৰ্ট চ’চাইটিৰ সম্পাদক জ্যোতি প্ৰসাদ দাস আৰু চিত্ৰ শিল্পী মাধুৰ্য্য ভাগৱতীয়ে।

Recent News

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd