গোৱালপাৰা জিলাৰ আগিয়াত বিশ্ব শ্ৰৱন দিৱস উদযাপন

World Hearing Day

গোৱালপাৰা জিলাৰ আগিয়াত বৃহস্পতিবাৰে বিশ্ব শ্ৰৱন দিৱস উদযাপন কৰাহয়৷ ৰাষ্ট্ৰীয় বধিৰতা নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ আচঁনি চমুকৈ NPPCD অধীনত জিলা স্বাস্থ্য সমিতি, গোৱালপাৰাৰ উদ্যোগত দিনযোৰা কাৰ্যক্ৰমণিকাৰে আগিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত বিশ্ব শ্ৰৱন দিৱস পালন কৰে৷

ৰাইজৰ মাজত বিশ্ব শ্ৰৱন দিৱসৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক নীলমাধৱ দাসে৷

শোভাযাত্ৰাৰ পিছতে আগিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সভা কক্ষত এখন সজাগতা সভা অনুষ্ঠিত হয়৷ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক নীলমাধৱ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত ৰাষ্ট্ৰীয় বধিৰতা নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ আচঁনি চমুকৈ NPPCD জিলা নডেল বিষয়া তথা বিশেষজ্ঞ চিকিৎসক ডা° মানসী দত্তই মানৱ দেহৰ এই গুৰুত্বপূৰ্ণ ইন্দ্ৰিয়ৰ প্ৰতি সজাগ আৰু সচেতন থাকিবলৈ আহ্বান জনায়৷

বিশ্ব স্বাস্থ্য সংস্থাৰ “কাণ খন ভালে ৰাখক আৰু আজীৱন শুনক” এই অমূল্য কথাষাৰকে সাৰোগত কৰি সজাগতা সভা খনত ডা° মানসী দত্তই বক্তব্য আগবঢ়ায়।

উল্লেখযোগ্য যে কেৱল সচেতনতাৰ অভাৱ আৰু অৱহেলাৰ বাবে বহুলোকে কাণৰ বিভিন্ন সমস্যাত ভুগি থাকিবলগীয়া হৈছে৷ সভাখনত বিশেষজ্ঞ চিকিৎসক গৰাকীয়ে শ্ৰৱণ সমস্যাজনিত বিভিন্ন ৰোগ সম্পৰ্কে বিষদ আলোচনাৰ কৰে৷

তেখেতে লগতে শ্ৰৱণজনিত বিভিন্ন ৰোগৰ বিনামূলীয়া চিকিৎসা তথা অস্ত্ৰোপচাৰৰ সুবিধা জিলা অসামৰিক চিকিৎসালয়ত উপলব্ধ আছে বুলি জানিব দিয়ে।

সভাখনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে পদ্মশ্ৰী ডা° বিৰুবালা ৰাভা৷সভাখনত বিৰুবালা ৰাভাই শ্ৰৱনজনিত ৰোগৰ বাবে লাজ নকৰি চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা গ্ৰহণৰ আহ্বান জনায়৷