সাম্প্ৰতিক সমাজ-জীৱনৰ বাবে হৃদ ৰোগ এক গুৰুতৰ সমস্যা হৈ পৰিছে ৷ চাপযুক্ত জীৱন পৰিক্ৰমা ইয়াৰ অন্যতম শীৰ্ষ কাৰণ ৷আজি দেশে-দেশে উদ্যাপিত হৈছে “বিশ্ব হৃদয় দিৱস”৷ জন্মৰে পৰা মৃত্যু পৰ্যন্ত মানুহৰ যিবোৰ অংগই অবিৰাম কাম কৰি থাকে তাৰ ভিতৰত অন্যতম হৈছে হৃদযন্ত্ৰ ৷
গতিকে ইয়াক ৰোগমুক্ত কৰি ৰখাটো সকলো মানুহৰে দায়িত্ব ৷ আজিকালি মানুহে বিভিন্ন চাপৰ বোজা লৈ জীৱন যাপন কৰিবলগীয়া হয় ৷ কৰ্মক্ষেত্ৰৰ চাপ, প্ৰতিযোগিতামূলক জীৱন শৈলী, স্বাস্থ্যৰ বাবে ক্ষতিকাৰক খাদ্যাভাস, ধপাত তথা অন্যান্য মাদক দ্ৰৱ্যৰ আসক্তি আদিয়ে মানুহৰ হৃদযন্ত্ৰক দুৰ্বল কৰিছে ৷
শেহতীয়া এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ৮৩ শতাংশ হৃদৰোগৰ কাৰণ হৈছে এনেধৰণৰ জীৱনশৈলী ৷
জন্মগত বা অন্যধৰণে সংক্ৰমিত আৰু আক্ৰান্ত হৃদৰোগীৰ সংখ্যা তুলনামূলকভাৱে কমযদিও ভাৰতবৰ্ষত বছৰি মৃত্যু হোৱা সকলৰ ভিতৰত প্ৰায় ২৪.৮ শতাংশ হৃদৰোগী ৷ এয়া উদ্বেগৰ কাৰণ হৈ পৰিছে ৷
প্ৰকৃতিৰ ওপৰত মানুহৰ ক্ৰমবৰ্ধমান অত্যাচাৰকো হৃদৰোগৰ বাবে দায়ী কৰিছে বহু বিশেষজ্ঞই ৷ কিয়নো মানুহৰ শৰীৰৰ বাবে প্ৰয়োজনীয় অক্সিজেন উদাৰ প্ৰকৃতিয়ে বিনামূল্যে প্ৰদান কৰে ৷ কিন্তু প্ৰকৃতিৰ এই উদাৰতাৰ বিপৰীতে এচাম লোকে গছ-বন তহিলং কৰি সমাজ-জীৱনলৈ বিপদ নমাই আনিছে ৷
খোজকঢ়া, চাইকেল চালনা আৰু ব্যায়ামৰ অভ্যাস গঢ়ি তুলি আমি হৃদৰোগৰ পৰা ভালেখিনি হাতসাৰি থাকিব পাৰো বুলি বিশেষজ্ঞসকলে কৈছে।