কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব আৰ্দ্ৰভূমি দিৱস উদযাপন

IMG-20210202-WA0018~2

সমগ্ৰ বিশ্বৰ লগতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বিশ্ব আৰ্দ্ৰ দিৱস উদযাপন কৰা হয়৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আৰণ্যক, বিশ্ব প্ৰকৃতিনিধি, ভূমি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু কৰবেট ফাউণ্ডেচনৰ সহযোগত দিনজোৰা কাৰ্যসুচীৰে বিশ্ব আৰ্দ্ৰ দিৱস পালন কৰা হয়৷

বুঢ়াপাহাৰ বনাঞ্চলৰ কঠালচাং বনশিৱিৰ প্ৰংগণত আয়োজিত উদ্বোধনী অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওঁগ, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভুপেন শৰ্মা, নগাওঁ বন সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, স্পিচিয়েল টাস্ক ফৰ্চৰ কামাণ্ডেন্ট মুকুল শইকীয়া, কাজিৰঙাৰ উপ বন সংৰক্ষক ক্ৰমে প্ৰদীপ বৰ্মন ডেকাৰজা, সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰা, বিশ্ব প্ৰকৃতি নিধিৰ ড৹ প্ৰণৱ জ্যোতি বৰা, কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা৹ নবীন পাণ্ডে, কলিয়াবৰ প্ৰেছ ক্লাবৰ উপদেষ্টা নিপেন কেওট, সভাপতি তপন শইকীয়া, কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক স্বপন নাথ আৰু অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু বনাঞ্চলিক বিষয়া প্ৰদীপ গোস্বামী উপস্থিত থাকে৷

উত্তম শইকীয়া আৰু আৰণ্যকৰ প্ৰৱন্ধক আৰিফ হোছেইনে আঁত ধৰা এই অনুষ্ঠানতে বিশিষ্ট ফটোগ্ৰাফাৰ বিতোপন কলং আৰু চম্পক ডেকাই নিৰ্মান কৰা উন্টাৰ উইং নামৰ তথ্যচিত্ৰখন মুকলি কৰা হয়৷ তথ্যচিত্ৰখন মুকলি কৰে মহকুমাধিপতি বিতোপন নেওঁগে৷

অনুষ্ঠানত কাষৰীয়া অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে৷

উদ্বোধনী অনুষ্ঠানৰ পিচতেই ছাত্ৰ-ছাত্ৰীসকলক বুঢ়াপাহাৰ বনাঞ্চলৰ কুকুৰাকটা সংৰক্ষিত বনাঞ্চলত ট্ৰেকিং কৰাই নতুনডাংগা গাঁৱ থকা পাৰিপাৰ্শিক উন্নয়ন সমিতিৰ কাৰ্যালয়ৰ সমীপত দুপৰীয়া আহাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয়।