NORTHEAST NOW (Assamese)

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙৰ

February 14, 2024 10:07 am · এন ই নাও নিউজ, গুৱাহাটী

বিভিন্ন বিতৰ্কই জোকাৰি যোৱা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ ওপৰত থকা নিলম্বন তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰিছে মল্লযুঁজৰ সৰ্বোচ্চ সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে। মঙলবাৰে এক বিবৃতি যোগে ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে সদৰী কৰে এই সিদ্ধান্ত।

যোৱা ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত এখন বৈঠকৰ পিছত কিছু চৰ্ত সাপেক্ষে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিলম্বন বাতিল কৰাৰ সিদ্ধান্ত লয়। প্ৰধানতঃ ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক নতুন নিৰ্বাচন অনুষ্ঠিত কৰাৰ চৰ্ত আৰোপ কৰিছে মল্লযুঁজৰ সৰ্বোচ্চ সংস্থাটোৱে। এই নিৰ্বাচনত কেৱল খেলুৱৈসকল ভোটদান প্ৰক্ৰিয়াৰ অংশ হ’ব লাগিব বুলি লগতে নিৰ্দেশনা দিয়া হৈছে।

ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙৰ সকলো ইভেণ্টত, বিশেষকৈ অলিম্পিক গেমছ আৰু আন যিকোনো ডাঙৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ বাবে ট্ৰায়েলত কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ অংশগ্ৰহণৰ বাবে বিবেচনা কৰা হ’ব বুলি মল্লযুঁজৰ সৰ্বোচ্চ সংস্থাটোক ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে লিখিত নিশ্চয়তা প্ৰদান কৰিব লাগিব।

ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদত নেতৃত্ব লোৱা দেশৰ তিনি তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গাট, বজৰং পুনিয়া আৰু সাক্ষী মালিককো যাতে কোনো বৈষম্যমূলক আচৰণ কৰা নহয়, ফেডাৰেচনে তাৰো নিশ্চয়তা প্ৰদান কৰিব লাগিব।

ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙৰ এই সিদ্ধান্তৰ পিছত ফলত ভাৰতীয় মল্লযুঁজাৰুসকলে এতিয়া আগন্তুক ইউ ডব্লিউ ডব্লিউ ইভেণ্টত দেশক প্ৰতিনিধিত্ব কৰাৰ পথ মুকলি হ’ল। উল্লেখ্য যে ভাৰতীয় সংস্থাটোৱে যথাসময়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে যোৱা বছৰৰ ২৩ আগষ্টত ইউ ডব্লিউ ডব্লিউৱে ডব্লিউ এফ আইক অস্থায়ীভাৱে নিলম্বন কৰিছিল।

Related News