চাৰে চাৰি কেজি ওজনৰ এটা আম! পোৱা গ’ল বিশ্বৰ আটাইতকৈ ডাঙৰ আকৃতিৰ আম, ক’ত?

আপুনি আম খাই ভালপায়নে?

নিশ্চয় পায়, কিয়নো গৰমৰ দিনত ‘ফলৰ ৰজা’ আমৰ সোৱাদ কোনেনো এৰিব পাৰে?

কিন্তু কিমান ওজনৰ আম আপুনি দেখিছে?

অথবা কিমান ডাঙৰ আম আপুনি দেখিছে?

এক আন্তৰ্জাতিক সংবাদমাধ্যমৰ বাতৰিমতে, কলম্বিয়াৰ এটা আমৰ আকৃতিয়ে ইতিমধ্যে গিনীজ বিশ্ব অভিলেখত অন্তৰ্ভূক্ত হৈছে।

লেটিন আমেৰিকান দেশখনৰ বোয়াক্কা অঞ্চলৰ গুৱাতাৰ চান মাৰ্টিন নামৰ ফাৰ্মখনৰ এজোপা আমগছত ৪.২৫ কেজি ওজনৰ এটা আম লাগিছে।

জাৰ্মান অৰলাণ্ডো নোভোৱা বাৰেৰা আৰু ৰেইনা মাৰিয়া মাৰোকুইন নামৰ কৃষক দুজনৰ ফাৰ্মখনত লগা চাৰে চাৰি কেজিৰ ওজনৰ আমটো বিশ্বৰ আটাইতকৈ গধুৰ আম হিচাপে পৰিগণিত হৈছে।

এটা সাক্ষাৎকাৰত ফাৰ্মখনৰ কৃষক স্বত্বাধিকাৰদ্বয়ে জনাই যে প্ৰথমতে আমটো গছত বাঢ়ি অহাৰ সময় সেইটো যে অন্যান্য ফলবিলাকতকৈ বেলেগ, সেয়া বুজিব পাৰিছিল।

তাৰপাছত জাৰ্মান অৰলাণ্ডোৰ কন্যাই জানিবলৈ পায় যে তেওঁলোকৰ ফাৰ্মৰ সেই আমটো বিশ্বৰ সকলোতকৈ গধুৰ আম।

কৃষক দুজন তেওঁলোকৰ এই অভিলেখক লৈ গৌৰৱান্বিত হৈছে।

”ইয়াৰ দ্বাৰা সমগ্ৰ বিশ্বক জনাবলৈ পাইছো যে কলম্বিয়াৰ মানুহ কৰ্মঠ আৰু শক্তিশালী। আশা কৰো, কৰোণাৰ সময়ছোৱাত এই সাফল্যই অঞ্চলটোৰ অন্যান্যসকলৰো মুখত হাঁহি ফুটাই তুলিব।”- কৃষক দুজনে কয়।

আমটোৰ এক ৰেপ্লিকা তৈয়াৰ কৰি স্মৃতি হিচাপে স্থানীয় প্ৰশাসনৰ হাতত তুলি দিছে কৃষক দুজনে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ফিলিপাইনচত ৩.৪৩৫ কেজি ওজনৰ এটা আম পোৱা গৈছিল।