মাছমৰীয়াৰ জালত বন্দী ২ টন ওজনৰ মাছ, পুনৰ মেলি দিয়া হ’ল সাগৰত

World's Largest Fish

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ কেইজনমান স্থানীয় মাছমৰীয়াৰ জালত ধৰা পৰা এটা বৃহদাকাৰ মাছে চকু থৰ কৰিলে সকলোকে। প্ৰায় ২ টন ওজনৰ এই মাছটো জালত পৰাৰ পিছতেই অৱশ্যে বন বিভাগে মাছটো পুনৰ সাগৰলৈ ঘূৰাই পঠিয়ায়।

উল্লেখ্য যে বিশ্বৰ সৰ্ববৃহৎ মাছ তিমি হাঙৰ হৈছে এক অতি বিপদাপন্ন প্ৰজাতি।

বিশাখাপত্তনমৰ তান্ত্ৰাৰী সাগৰত স্থানীয় মাছমৰীয়া সকলে মাছ ধৰাৰ সময়তে এই বৃহদাকাৰ মাছটো জালত ধৰা পৰিছিল। ইয়াৰ পিছতে বন বিভাগৰ কৰ্মচাৰীসকলে এই তথ্য লাভ কৰি সাগৰ তীৰত উপস্থিত হয়।

তেওঁলোকৰ তত্বাৱধানত মাছটো সাগৰলৈ ঘূৰাই পঠিওৱা হৈছিল। জিলা বন বিষয়া আৰু ডিএফঅ’ অনন্ত শংকৰে কয়, “মাছমৰীয়াসকলে মাছবোৰ কেনেদৰে সুৰক্ষিতভাৱে সাগৰলৈ ঘূৰাই দিব লাগে বুজাবলৈ অতি সহজ আছিল। কিন্তু এই কাম শাৰীৰিক আৰু মানসিক দুয়োধৰণৰ কষ্টকৰ আছিল।”

বন বিভাগৰ সহযোগত ২ টন ওজনৰ মাছটো অৱশেষত মাছমৰীয়া আৰু বন্যপ্ৰাণী সংৰক্ষণৰ দ্বাৰা জীৱিত অৱস্থাত সাগৰলৈ ঘূৰাই দিয়া হয় বুলি জানিবলৈ দিয়ে বিষয়াজনে।

একে সময়তে বন বিভাগে মাছটো ভৱিষ্যতে দেখা পালে লগে লগে বন বিভাগক অৱগত কৰিবলৈ স্থানীয় ৰাইজক পৰামৰ্শ দিয়ে।

উল্লেখ্য যে তিমি চাৰ্ক বৰ্তমান পৃথিৱীৰ আটাইতকৈ ডাঙৰ মাছ। এটা প্ৰাপ্তবয়স্ক তিমি হাঙৰ সাধাৰণতে ১৮ মিটাৰতকৈ অধিক দীঘল। এই মাছবিধ সাধাৰণতে কৰ্কট ক্ৰান্তীয় অঞ্চলত পোৱা যায়। ইয়াৰ আয়ুস ৮০ ৰ পৰা ১৩০ বছৰ পৰ্যন্ত হয়।