বিশ্বৰ আটাইতকৈ বয়সীয়াল মানুহজনৰ মৃত্যু! মৃত্যুৰ সময়ত তেওঁৰ বয়স কিমান আছিল জানেনে?

জুয়ান ভিনচেণ্ট পেৰেজ মোৰাই ইহলীলা সম্বৰণ কৰিলে। পৃথিৱীৰ আটাইতকৈ বয়সীয়াল মানুহজনৰ মৃত্যুৰ সময়ত বয়স আছিল ১১৪ বছৰ। মঙলবাৰে ভেনিজুৱেলাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

জুয়ানে দীৰ্ঘদিন ধৰি বাৰ্ধক্যৰ সমস্যাত ভুগি আছিল। এই কথা পৰিয়ালৰ সূত্ৰৰ জৰিয়তে জনা যায়। অৱশেষত বহুদিন কষ্ট ভোগ কৰি এই বৃদ্ধজন উভতি নহাৰ দেশলৈ গুচি গ’ল।

২০২২ চনত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি তেওঁ আছিল বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰ’ই জুয়ানৰ মৃত্যুত নিজৰ ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ তিহাৰ জে’লৰ পৰা দিল্লীবাসীলৈ চিঠি মনীষ চিছ’দিয়াৰ; কি লিখিলে কাৰাৰুদ্ধ আপ নেতাগৰাকীয়ে?

২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত জুয়ান ভিনচেণ্ট পেৰেজে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰে। মৃত্যুৰ সময়ত জুয়ানৰ বয়স আছিল ১১৪ বছৰ ২৫৩ দিন।

ইয়াৰ পূৰ্বে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তিজন আছিল স্পেইনৰ চেটাৰ্নিনো ফুয়েণ্টে গাৰ্চিয়া। ২০২২ চনৰ ১৮ জানুৱাৰীত ১১২ বছৰ ৩৪১ দিন বয়সত তেওঁৰ মৃত্যু হয়। পিছলৈ জুয়ান ভিনচেণ্ট পেৰেজক আটাইতকৈ বয়সীয়াল মানুহ হিচাপে স্বীকৃতি দিয়া হয়।

জুয়ানৰ জন্ম হৈছিল ভেনিজুৱেলাৰ এটা কৃষক পৰিয়ালত। পেছাত তেওঁ আছিল এজন খেতিয়ক মাত্ৰ ৫ বছৰ বয়সৰ পৰাই জুয়ান খেতিৰ লগত জড়িত আছিল। সৰুৰে পৰা দেউতাক আৰু পৰিয়ালৰ লগত খেতি কৰিছিল। কিন্তু খেতি এৰি যোৱাৰ পিছতো এই প্ৰবীণ জুয়ান ভিনচেণ্ট পেৰেজ দীৰ্ঘদিন ধৰি কৰ্মক্ষম হৈ আছিল। তেওঁৰ মুঠ ১১টা সন্তান আৰু ৪১ গৰাকী নাতি-নাতিনী আছে।

লগতে পঢ়কঃ পৰিৱেশ নষ্ট হোৱাৰ আশংকা! দলবদ্ধ ধৰ্ষণৰ বলি ছাত্ৰীক পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা বিদ্যালয়ৰ

অৱশেষত ভেনিজুৱেলাৰ এই বাসিন্দাগৰাকীয়ে ১১৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত পৰিয়াল আৰু আত্মীয়ৰ মাজত শোকৰ ছাঁ পৰিছে। এই খৱৰ শুনাৰ পিছত নেটিজেনসকলেও গভীৰ শোক প্ৰকাশ কৰিছে।