• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বৰ আটাইতকৈ বয়স্ক নোবেল বঁটা বিজয়ী জন গুডেনাফৰ ১০০ বছৰ বয়সত দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2023 9:58 am
ডঃ জন গুডেনাফ। ফাইল ফটো: সংগ্ৰহীত।

ডঃ জন গুডেনাফ। ফাইল ফটো: সংগ্ৰহীত।

14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিথিয়াম-আয়ন বেটাৰী নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিশ্বৰ আটাইতকৈ বয়স্ক নোবেল বঁটা বিজয়ী জন গুডেনাফৰ ১০০ বছৰ বয়সত দেহাৱসান ঘটিছে।

এগৰাকী অভিযান্ত্ৰিক অধ্যাপক হিচাপে কাম কৰা অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে দেওবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ প্ৰেছিডেন্ট জে হাৰ্টজেলে কয় যে এগৰাকী মেধাৱী বিজ্ঞানী হিচাপে জনৰ উত্তৰাধিকাৰ জুখিব নোৱাৰি।

Apply Now

লিথিয়াম-আয়ন বেটাৰীয়ে সমগ্ৰ বিশ্বৰ লাখ লাখ বৈদ্যুতিক বাহনক শক্তি প্ৰদান কৰিছে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰা সাংবাদিকক হাৰাশাস্তিৰ ঘটনাক গৰিহণা হোৱাইট হাউছৰ

টেক্সাছ বিশ্ববিদ্যালয়ে তেওঁক “এগৰাকী নিষ্ঠাবান জনসেৱক, এগৰাকী প্ৰিয় গুৰু আৰু এগৰাকী মেধাৱী অথচ নম্ৰ উদ্ভাৱক” বুলি অভিহিত কৰিছে।

লিথিয়াম-আয়ন বেটাৰীৰ বিকাশকে ধৰি বেটাৰীৰ ওপৰত কৰা কামৰ বাবে ২০১৯ চনত ৯৭ বছৰ বয়সত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল ডাঃ গুডেনাফে।

এই লঘু, শক্তিশালী বেটাৰীয়ে প্ৰযুক্তিৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰিছিল, যাৰ ফলত লেপটপ আৰু মোবাইল ফোন আদি আধুনিক পৰ্টেবল ইলেক্ট্ৰনিকছৰ পথ মুকলি হৈছিল। সৌৰ পেনেলকে ধৰি বৃহৎ আধুনিক ডিভাইচসমূহক শক্তি প্ৰদান কৰাতো এই বেটাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১৯২২ চনত জাৰ্মানীত আমেৰিকান পিতৃ-মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰা ডাঃ গুডেনাফ উত্তৰ-পূব আমেৰিকাত ডাঙৰ-দীঘল হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ সেনাবাহিনীত বতৰ বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ইয়েল বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে। তেওঁ বিবাহ পাশত আৱদ্ধ হোৱা আইৰিন ৱাইজমেনৰ ২০১৬ চনত মৃত্যু হয়।

লগতে পঢ়ক: নকল উপায়ুক্ত! তেজপুৰত আটক হোৱা মহাপ্ৰৱঞ্চক অংকুৰ শইকীয়াই কি কৰিব বিচাৰিছিল?

তেওঁৰ আৱিষ্কাৰে “বিশ্বৰ কোটি কোটি মানুহৰ জীৱন উন্নত কৰিলে” বুলি মিষ্টাৰ হাৰ্টজেলে কয়। “তেওঁ নিজৰ কেৰিয়াৰৰ বহু দশক বৈজ্ঞানিক গৱেষণাৰ অত্যাধুনিক নেতা আছিল, আৰু তেওঁ কেতিয়াও উদ্ভাৱনী শক্তি-সঞ্চয় সমাধানৰ সন্ধান বন্ধ কৰা নাছিল।”

ডঃ গুডেনাফে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিত, য’ত তেওঁ ২৪ বছৰ ধৰি কাম কৰিছিল আৰু কম্পিউটাৰৰ বাবে ৰেণ্ডম-এক্সেছ মেম’ৰী বিকশিত কৰাত সহায় কৰিছিল।

তাতেই তেওঁ দূৰসংযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আধুনিক চুম্বকত্ব তত্ত্বৰ অন্যতম প্ৰতিষ্ঠাপক হৈ পৰে।

তেওঁ কৈছিল, ‘এই পৃথিৱীৰ মানুহৰ বাবে কিবা এটা কৰিব পৰাত মই অতিশয় সন্তুষ্ট।‘ সেই সময়ত তেওঁ ধেমালি কৰি কৈছিল যে তেওঁৰ হাতত মোবাইল ফোন নাই কাৰণ তেওঁ “বিৰক্ত” হোৱাটো ভাল নাপায়।

লগতে পঢ়ক: কাজিয়াৰ সময়ত ‘অণ্ডকোষ চেপি ধৰাটো হত্যাৰ প্ৰচেষ্টা নহয়’; অভিযুক্তৰ শাস্তি হ্ৰাস কৰিলে আদালতে

টেক্সাছ বিশ্ববিদ্যালয়ৰ মতে, অধ্যাপকগৰাকী তেওঁৰ দ্ৰুত বুদ্ধিমত্তা আৰু “সংক্ৰামক হাঁহি”ৰ বাবে পৰিচিত আছিল। বিশ্ববিদ্যালয়খনে কয় যে সেই হাঁহিটো স্বতন্ত্ৰ অঞ্চলৰ অভিযান্ত্ৰিক ভৱনৰ মাজেৰে প্ৰতিধ্বনিত হোৱা শুনা গৈছিল।

শেহতীয়াকৈ টেক্সাছ বিশ্ববিদ্যালয়ৰ ডঃ গুডেনাফ আৰু তেওঁৰ দলটোৱে কাঁচৰ বেটাৰীৰ জৰিয়তেও শক্তি সঞ্চয় কৰাৰ নতুন উপায়ৰ ওপৰত গৱেষণা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাত নাই ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম! এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যোগী আদিত্যনাথে

উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাত নাই ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম! এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যোগী আদিত্যনাথে

November 17, 2026 7:40 pm
বিজেপিক নহয়, আঞ্চলিক দল আৰু জনআন্দোলনকহে দুৰ্বল কৰাত ব্যস্ত কংগ্ৰেছ! ৰাহুল গান্ধীলৈ পত্ৰ অখিল গগৈৰ

বিজেপিক নহয়, আঞ্চলিক দল আৰু জনআন্দোলনকহে দুৰ্বল কৰাত ব্যস্ত কংগ্ৰেছ! ৰাহুল গান্ধীলৈ পত্ৰ অখিল গগৈৰ

November 17, 2026 6:29 pm
কোকৰাঝাৰত পকছোৰ দুটা পৃথক গোচৰত দুজনক আজীৱন কাৰাদণ্ড! পাঁচ বছৰীয়া শিশুৰ পৰা ১৬ ‎বছৰীয়া কিশোৰীলৈ নিৰ্যাতনৰ অভিযোগ

কোকৰাঝাৰত পকছোৰ দুটা পৃথক গোচৰত দুজনক আজীৱন কাৰাদণ্ড! পাঁচ বছৰীয়া শিশুৰ পৰা ১৬ ‎বছৰীয়া কিশোৰীলৈ নিৰ্যাতনৰ অভিযোগ

November 17, 2026 5:25 pm
দুলীয়াজানৰ তিনি হত্যাকাণ্ডৰ তদন্তত নতুন মোৰ! কলকাতালৈ পলায়নৰ চেষ্টা কৰোঁতেই ৰে’ল ষ্টেচনত আটক দুই সন্দেহযুক্ত ব্যক্তি

দুলীয়াজানৰ তিনি হত্যাকাণ্ডৰ তদন্তত নতুন মোৰ! কলকাতালৈ পলায়নৰ চেষ্টা কৰোঁতেই ৰে’ল ষ্টেচনত আটক দুই সন্দেহযুক্ত ব্যক্তি

November 17, 2026 3:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাত নাই ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম! এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যোগী আদিত্যনাথে

উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাত নাই ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম! এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যোগী আদিত্যনাথে

November 17, 2026 7:40 pm
বিজেপিক নহয়, আঞ্চলিক দল আৰু জনআন্দোলনকহে দুৰ্বল কৰাত ব্যস্ত কংগ্ৰেছ! ৰাহুল গান্ধীলৈ পত্ৰ অখিল গগৈৰ

বিজেপিক নহয়, আঞ্চলিক দল আৰু জনআন্দোলনকহে দুৰ্বল কৰাত ব্যস্ত কংগ্ৰেছ! ৰাহুল গান্ধীলৈ পত্ৰ অখিল গগৈৰ

November 17, 2026 6:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd