বিশ্বৰ আটাইতকৈ বয়স্ক ব্যক্তি ফ্ৰান্সিস্কা চুচানোৰ মৃত্যু

World’s Oldest Person died

পৃথিৱীৰ আটাইতকৈ বয়সস্থ ব্যক্তি ফ্ৰান্সিস্কা চুচানোৰ মৃত্যু হৈছে। ১৮০০ শৰতিকাৰ অন্তিম দশকত জন্ম গ্ৰহণ কৰা চুচানোৰ ১২৪ বছৰ বয়সত ফিলিপাইনছত মৃত্যু হয়। ১৮৯৭ চনৰ ১১ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ফ্ৰান্সিস্কা চুচানোৱে ২০২১ চনৰ ২২ নৱেম্বৰৰ সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে।

তেখেতৰ মৃত্যুৰ বিষয়ে ৰাজ্যিক বিষয়াসকলে তেওঁৰ গৃহ প্ৰদেশ কাবাংকলান, নিগ্ৰোচ অক্সিডেণ্টেলত নিশ্চিত কৰিছে।

“যেতিয়া আমি এই খবৰ পাইছিলো যে আমাৰ প্ৰিয় লোলা ফ্ৰান্সিস্কা চুচানোৰ আজি সোমবাৰে সন্ধিয়া মৃত্যু হৈছে তেতিয়া আমি দুখত ম্ৰিয়মান হৈ পৰিছিলো। ১২৪ বছৰ বয়সত বিশ্বৰ আটাইতকৈ বয়স্ক ব্যক্তি হিচাপে তেওঁৰ আনুষ্ঠানিক স্বীকৃতি বৰ্তমান গ্ৰিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বৈধ।” ৰাজ্য চৰকাৰে তেওঁলোকৰ অফিচিয়েল ফেচবুক একাউণ্টত এইদৰে পোষ্ট কৰিছে।

ফিলিপাইনছৰ পৰা স্পেনিছ উপনিৱেশিক শাসন ত্যাগ কৰাৰ এবছৰ আগতে চুচানোৰ জন্ম হৈছিল। জীৱন কালত তেওঁ কেৱল নিৰামিষ আহাৰ গ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে। লগতে সুৰা পান নকৰাটোৱেই তেওঁৰ দীৰ্ঘায়ুৰ অন্যতম ৰহস্য বুলি গণ্য কৰা হৈছে।

চুচানোৰ পূৰ্বে লিয়েন কেলমেণ্ট বিশ্বৰ আটাইতকৈ বয়স্ক ব্যক্তি হিচাপে পৰিগণিত হৈছিল।

কাবাংকলানৰ ৰাজহুৱা তথ্য বিষয়া জেক কাৰ্লিন গঞ্জালেছে কয় যে লোলাৰ মৃত্যুৰ কাৰণ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। তেওঁ চিএনএন ফিলিপাইনছক অৱগত কৰে যে মৰণোত্তৰ ভাৱে তেওঁৰ ক’দিদ-19 ৰ পৰীক্ষা কৰা হ’ব। অৱশ্যে ক’ভিদৰ কোনো লক্ষণ তেওঁৰ শৰীৰত দেখা পোৱা নাছিল বুলি তেওঁ উল্লেখ কৰে।