যোৱা মঙলবাৰে শুই পৰিল ১১৮ বছৰীয়া ইতিহাসৰ চাক্ষুক সাক্ষী লুচীল ৰেণ্ডন। ১৯০৪ চনৰ ১১ ফ্ৰেব্ৰুৱাৰীত জন্ম হৈছিল লুচীল ৰেণ্ডনৰ।
যোৱা বছৰ ১১৯ বছৰ বয়সত জাপানৰ কেন তানাকাৰ মৃত্যুৰ পিছত ৰেণ্ডন বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে পৰিগণিত হয়। জেৰ’ণ্ট’লজী ৰিচাৰ্চ গ্ৰুপৰ (জি আৰ বি) ৱৰ্ল্ড ছুপাৰচেণ্টেনৰিয়ান ৰেংকিঙৰ মতে তেওঁ আছিল বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি।
২০২২ চনৰ এপ্ৰিল মাহত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে তেওঁক বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে।
নিউয়ৰ্কে প্ৰথমখন ছাবমেট্ৰ’ মুকলি কৰা বছৰতে ৰেণ্ডনৰ জন্ম হৈছিল। প্ৰথম বিশ্বযুদ্ধলৈ তেতিয়াও বাকী আছিল এটা দশক। তেওঁৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল দক্ষিণ ফ্ৰান্সৰ আলছাচ চহৰৰ এটা প্ৰটেষ্টেণ্ট পৰিয়ালত।
২৬ বছৰ বয়সত তেওঁ কেথলিক হিচাপে জীৱনৰ পথ বাচি লয় কৰা হয়। তাৰ পিছত ৰেণ্ডনে চিষ্টাৰ আন্দ্ৰে নাম গ্ৰহণ কৰে।
৪১ বছৰ বয়সত তেওঁক ফ্ৰান্সৰ এখন চিকিৎসালয়ত নিযুক্তি লাভ কৰে আৰু তেওঁ তাতেই ৩১ বছৰ কাম কৰে।
২০২১ চনত কোভিডত আক্ৰান্ত হোৱাৰ পৰাই স্বাস্থ্য হতিছিল লুচীল ৰেণ্ডনৰ।
কিছুদিন আগতে তেওঁ সাংবাদিকৰ আগত কৈছিল, “ কৰ্ম আৰু মানুহক সহায় কৰাৰ মনোভাৱে মোক জীয়াই থকাত সহায় কৰিছে। মানুহে কয় যে কৰ্মই মানুহৰ আয়ুস চুটি কৰে। কিন্তু কৰ্মই মোক জীয়াই ৰাখিলে। মই ১০৮ বছৰ বয়সলৈকে কাম কৰিলোঁ। বিভিন্ন সময়ত ৰেণ্ডনে বিশ্বযুদ্ধৰ সেই ভয়াৱহ দিনবোৰৰ কথা কৈছিল।
জীৱনৰ শেষৰ সময়ছোৱাত তেওঁ অন্ধ হৈ পৰিছিল। তথাপিও জীৱনমুখী মনোবল আৰু এক ইতিবাচক জীৱন যাপন কৰিছিল বিশ্বৰ আটাইতকৈ বয়স্ক মহিলাগৰাকীয়ে।
এনেদৰেই ১১৮ টা বছৰ পৃথিৱীৰ অতবোৰ অভিজ্ঞতা লাভ কৰি, বিভিন্ন ঘটনা পৰিঘটনা, সমাজৰ বিৱৰ্তন আদিৰ চাক্ষুক সাক্ষী হৈ অৱশেষত ২০২৩ চনৰ ১৭ জানুৱাৰীত চেণ্ট-কেথেৰিন-লেব’ৰে নাৰ্চিং হোমত চকু মুদিলে লুচীল ৰেণ্ডনে।