চিন্তনীয়! ভাৰতীয় ক্ৰিকেট দলৰ বিজয় যাত্ৰাৰ পাছত পৰিষ্কাৰ কৰা হ’ল মেৰিন ড্ৰাইভ; উদ্ধাৰ ১১,০০০ কেজি আৱৰ্জনা

দেশলৈ উভতি অহাৰ পাছত ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোৱে মুম্বাইৰ মেৰিন ড্ৰাইভত এখন মুকলি বাছত বিজয় পেৰেড কৰে। ৪ জুলাইত বাৰ্বাডোছৰ পৰা ভাৰতলৈ উভতি আহিছিল টিম ইণ্ডিয়া।সেই দিনটোতে মুম্বাইত বিজয় পেৰেডৰ আয়োজন কৰা হয়। বিজয় পেৰেড অনুৰাগীৰ বাবে অতি আচৰিত আছিল যদিও এই পেৰেডে মুম্বাইক বহুত দুখ দিলে। দৰাচলতে এই পেৰেডৰ পাছত মেৰিন ড্ৰাইভৰ পৰা ১১ হাজাৰ কেজি জাৱৰ উদ্ধাৰ কৰা হয়।

মুম্বাই পৌৰ নিগমে বিজয় পেৰেডৰ অন্তত গোটেই নিশা মেৰিন ড্ৰাইভ চাফা কৰে। ‘নিউজ১৮’ৰ প্ৰতিবেদনত কোৱা হৈছে যে চাফাইৰ সময়ত ১১ হাজাৰ কিলোগ্ৰাম জাবৰ পোৱা গৈছে। প্ৰায় ১০০ কৰ্মচাৰীয়ে এই চাফাই কামত নিয়োজিত হৈছিল। নৰিমান পইণ্টৰ পৰা আৰম্ভ হৈ ৱানখেদে ষ্টেডিয়ামলৈকে বিজয় পেৰেড হৈছিল। পেৰেড চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ গোট খাইছিল। এই পেৰেডৰ পাছত পথত বহু লোকৰ জোতা-চেণ্ডেল দেখা গ’ল। ইয়াৰ উপৰিও আৱৰ্জনা হিচাপে উদ্ধাৰ হৈছে পানীৰ বটল। এই চাফাইৰ বাবে গোটেই ৰাতিটো লাগিল। ২ টা ডাঙৰ ডাম্পাৰ আৰু ৫ খন জীপত সংগ্ৰহ কৰি জাবৰবোৰ লৈ যোৱা হয়৷

ছচিয়েল মিডিয়া প্লেটফৰ্মত বিএমচিয়ে লিখিছে-  “গ্ৰেণ্ড আদৰণিৰ পাছত  বিএমচিয়ে সমগ্ৰ মেৰিন ড্ৰাইভ এলেকাত ৰাতিটোৰ বাবে বিশেষ চাফাই অভিযান চলাইছিল। অঞ্চলটো ভালদৰে পৰিষ্কাৰ কৰা হৈছিল আৰু মেৰিন ড্ৰাইভত খোজ কাঢ়িবলৈ অহা মুম্বাইবাসীৰ বাবে ৰাস্তাটো উপলব্ধ কৰা হৈছিল।”

ইয়াৰ উপৰিও জনোৱা হয় যে, “বিএমচিৰ কঠিন আৱৰ্জনা ব্যৱস্থাপনা বিভাগে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযানৰ সময়ত দুখন ডাঙৰ ডাম্পাৰ আৰু পাঁচখন সৰু জীপত ভৰাই অতিৰিক্ত জাবৰ সংগ্ৰহ কৰিছিল।”