NORTHEAST NOW (Assamese)

মূঢ়মতি মানুহ! যুগ যুগ ধৰি ঈশ্বৰ বুলি পূজা কৰা শিলখণ্ড প্ৰকৃততে ডাইন’ছৰৰ কণীহে আছিল

December 21, 2023 10:57 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

অন্ধবিশ্বাসী মানুহৰ কাণ্ড; দীৰ্ঘদিনে ইষ্টদেৱতা বুলি এটা শিলাখণ্ডক পূজা কৰি আহিছিল এখন গাঁৱৰ বাসিন্দাই। পিছে সেই শিলাখণ্ডটি আচলতে এটা জীৱাশ্মযুক্ত ডাইন’ছৰৰ কণী বুলি চিনাক্ত কৰাৰ পিছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওখনত।

মধ্যপ্ৰদেশৰ ধৰ জিলাৰ পাডলিয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা। গাঁওবাসীয়ে যুগ যুগ ধৰি শিলাখণ্ডটিক সেয়া ‘কাকৰ ভৈৰৱ’ বা ভূমি দেৱতা বুলি পূজা কৰি আহিছিল। কিন্তু কিছুদিন পূৰ্বে লক্ষ্নৌৰ বীৰবল চাহানী জীৱাশ্ম বিজ্ঞান প্ৰতিষ্ঠানৰ বিশেষজ্ঞই সেই শিলাখণ্ডটোক এটা জীৱাশ্মযুক্ত ডাইনছৰৰ কণী বুলি নিশ্চিত কৰে।

বিশষজ্ঞ সকলে জনোৱা মতে এই কণীটো ডাইন’ছৰৰ টিটানোছৰাছ প্রজাতিৰ। জানিব পৰা মতী এই কণীটো সম্পৰ্কে অধিক গৱেষণা কৰিব গৱেষক আৰু বিজ্ঞানী সকলে।

Related News