ভাৰতীয় তাৰকা মল্লযোদ্ধাসকলে অৱশেষত আন্দোলনৰ সুফল লাভ কৰিলে। কালি মাজনিশা এক সংবাদমেলত ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয় যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে কুস্তি ফেডাৰেচনৰ মুৰব্বীয়ে তেওঁৰ পদৰ পৰা আঁতৰি থাকিব। ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয় যে তদন্ত সমিতিয়ে অহা চাৰি সপ্তাহৰ ভিতৰত ব্ৰিজ ভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ পৰীক্ষা কৰিব।
ইপিনে, ক্ৰীড়া মন্ত্ৰীৰ ঘোষণাৰ লগে লগে মল্লযোদ্ধাসকলে যন্তৰ মন্তৰৰ পৰা তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিশা তাৰকা মল্লযোদ্ধা আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক বৈঠকত মিলিত হৈছিল যদিও সেই বৈঠকত কোনো সমাধান ওলোৱা নাছিল। কিন্তু কালি দ্বিতীয় পৰ্যায়ৰ বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মল্লযোদ্ধাসকলৰ দাবী অনুসৰি ব্ৰিজ ভূষণে তেওঁৰ পদৰ পৰা আঁতৰি আহিছে।
লগতে পঢ়ক: এইবাৰ গুগলৰ ১২ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি; ক্ষমা বিচাৰিলে পিচাইয়ে
আনহাতে, ব্ৰিজ ভূষণৰ তদন্ত কৰিব লগা পৰ্যৱেক্ষণ সমিতিৰ সদস্যসকলৰ নাম শীঘ্ৰেই ঘোষণা কৰা হ’ব। তদুপৰি, তদন্ত সম্পূৰ্ণ নোহোৱালৈকে সমিতিখনে কুস্তি ফেডাৰেচনৰ দৈনন্দিন কাৰ্যকলাপৰ চোৱাচিতা কৰিব।
অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াই কয়, “কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে আমাৰ দাবীবোৰ শুনিছে আৰু আমাক আশ্বাস দিছে যে সঠিক তদন্ত কৰা হ’ব। আমি তেওঁক ধন্যবাদ জনাব বিচাৰো আৰু আমি আশাবাদী যে এক নিৰপেক্ষ তদন্ত হ’ব। গতিকে আমি প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছো।‘’
নিশাৰ শেষৰ ফালে অনুষ্ঠিত সংবাদমেলত বিনেশ ফোগাট, অলিম্পিক পদক বিজয়ী সাক্ষী মালিক আৰু ৰবি দাহিয়াও উপস্থিত আছিল।
লগতে পঢ়ক: আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ মৃত্যুৰ ঘটনাত সঞ্চালকক ভৰ্ৎসনা আদালতৰ
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে মল্লযোদ্ধাসকলে অনুৰাগ ঠাকুৰৰ সৈতে তেওঁৰ বাসগৃহত চাৰি ঘণ্টা ধৰি বৈঠকত বহিছিল। কিন্তু তাত কোনো সমাধান ওলোৱা নাছিল। মল্লযোদ্ধাসকলে পুৱা প্ৰায় ২ বজাত মন্ত্ৰীজনৰ ঘৰৰ পৰা নীৰৱে ওলাই গৈছিল। অৱশ্যে, একেদিনাই ভাৰতীয় অলিম্পিক সংস্থাই বিষয়টোৰ তদন্তৰ বাবে এখন সাত জনীয়া সমিতি গঠন কৰে। কিন্তু এই সকলোবোৰৰ মাজত, তাৰকা মল্লযোদ্ধাসকলৰ প্ৰতিবাদ অব্যাহত আছিল।