ব্ৰীজভূষণ সিঙৰ পুত্ৰৰ টিকট দিয়াত অসন্তুষ্ট দেশৰ মল্লযুঁজাৰু; বিজেপিয়ে নাৰীসুৰক্ষাক গুৰুত্ব নিদিয়াৰ অভিযোগ

দেশৰ শীৰ্ষ মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত কাইজাৰগঞ্জ (উত্তৰ প্ৰদেশ)ৰ বিজেপিৰ সাংসদ ব্রীজ ভূষণ শৰণ সিঙৰ টিকট বাতিল কৰাৰ সময়তে দলটোৱে তেওঁৰ পুত্র কৰণ শৰণ সিঙক টিকট প্ৰদান কৰিছে৷ শাসকীয় দলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ হৈ পৰিছে মহিলা মল্লযুঁজাৰুসকল।

বহু মহিলা মল্লযুঁজাৰুৰ গুৰুতৰ অভিযোগৰ পাছতো ব্রীজ ভূষণৰ পৰিয়ালে কৈশোৰগঞ্জৰ টিকট পোৱাক লৈ ছ’চিয়েল মিডিয়াত ক্ষোভৰ সৃষ্টি হৈছে৷অলিম্পিকৰ পদক লাভ কৰা দেশৰ প্ৰথম তথা একমাত্ৰ মহিলা মল্লযুঁজাৰু সাক্ষী মালিকে ইনষ্টাগ্ৰামত লিখিছে, ‘দেশৰ কন্যাসকলে পৰাস্ত হৈছে, ব্রীজ ভূষণ জয়ী হৈছে৷ আমি সকলোৱে নিজৰ কেৰিয়াৰ বাজিত ৰাখিলোঁ, দিনে দিনে ৰাস্তাত শুই থাকিলোঁ ৰ’দ আৰু বৰষুণত কটোলো। আজিলৈকে ব্রীজ ভূষণক গ্ৰেপ্তাৰ কৰা হোৱা নাই৷ আমি একো দাবী কৰা নাছিলোঁ, মাত্ৰ পদত্যাগহে দাবী কৰিছিলোঁ। গ্ৰেপ্তাৰ এৰি, আজি তেওঁৰ পুত্ৰক টিকট দি আপুনি দেশৰ কোটি কোটি কন্যাৰ মনোবল ভাঙি পেলালে। যদি টিকট মাত্ৰ এটা পৰিয়াললৈ যায়, তেন্তে এজন মানুহৰ সন্মুখত দেশৰ চৰকাৰ ইমান দুৰ্বল নেকি?’

ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্রতিবাদত সাক্ষী মালিকে অগ্রণী ভূমিকা পালন কৰিছিল৷ কৰণক টিকট দিয়াৰ সন্দৰ্ভত সাক্ষীয়ে লিখা পোষ্টটোত বজৰং পুনিয়া আৰু বিনেশ ফ’গাটক টেগ কৰিছে।

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সাংসদ তথা প্ৰাক্তন সভাপতি ব্রীজ ভূষণ শৰণ সিঙৰ তিনি পুত্রৰ ভিতৰত কনিষ্ঠ কৰণ শৰণ সিং৷ ২৮ বছৰীয়া কৰণ এই বছৰৰ ফেব্ৰুৱাৰী মাহতেই উত্তৰ প্ৰদেশ মল্লযুঁজ সন্থাৰ সভাপতি হৈছিল, অৰ্থাৎ যেতিয়া ৰাজধানী দিল্লীত সাক্ষী মালিক, বিনেশ ফ’গাট, বজৰং পুনিয়া আদিয়ে ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, তেতিয়া কৰণ আছিল ইউ পি ৰেছলিং এছ’চিয়েচনৰ সভাপতি আছিল।কৰণ নিজেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰেপ শ্বুটাৰ হিচাপে পৰিগণিত হৈছে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰা প্ৰথমবাৰৰ বাবে মূলসুঁতিৰ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ ওলাইছে। ব্রীজ ভূষণ সিঙৰ জ্যেষ্ঠ পুত্র প্রতীক ভূষণ সিং গোণ্ডা সদৰৰ বিজেপি বিধায়ক৷

৬ বাৰৰ সাংসদ ব্রীজ ভূষণ শৰণ সিং কৈশোৰগঞ্জৰ পৰা পাঁচবাৰকৈ নিৰ্বাচিত হৈছে। ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ সভাপতি হৈ থকাৰ সময়ত মহিলা মল্লযুঁজাৰুসকলে তেওঁক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে।সিঙৰ বিৰুদ্ধে ৰুজু হোৱা এফআইআৰ দুটাত যৌন নিৰ্যাতনৰ কমেও ১৫টা কাণ্ডৰ বিশদ বিৱৰণ দিয়া হৈছে, য’ত অনুপযুক্ত স্পৰ্শ আৰু নিৰ্যাতনৰ ১০টা কাণ্ডও আছে। মহিলা মল্লযুঁজাৰুৰ স্তনত হাত থৈ নাভি স্পৰ্শ কৰা,ভয় দেখুৱাওৱাৰ দৰে বহু অভিযোগ উত্থাপন হৈছে।