• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2026 1:30 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিনামূলীয়াকৈ খাদ্য বিতৰণ বা লঙ্গৰ পতাৰ কথাটো আমাৰ বাবে নতুন নহয়। কিন্তু এইবাৰ এক একেবাৰেই ব্যতিক্ৰমী লঙ্গৰৰ খবৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বজাৰলৈ আইফোন ১৮ অহাৰ লগে লগেই বিনামূলীয়াকৈ আইফোন বিতৰণৰ কথা ঘোষণা কৰা হৈছে, যিয়ে সমগ্ৰ দেশবাসীক আচৰিত কৰি তুলিছে।

 সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ পৰা জানিব পৰা মতে, অহা ২২ ছেপ্টেম্বৰত চণ্ডীগড় আৰু মোহালিত এক আইফোন লঙ্গৰ অনুষ্ঠিত হ’ব। এই লঙ্গৰৰ আয়োজক হৈছে অমৃতসৰৰ বিশিষ্ট ব্যৱসায়ী তথা ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ ৰাকেশ ত্ৰেহান। ছচিয়েল মিডিয়াত তেওঁ ৰাজা ডি কিং নামেৰেও পৰিচিত।

Apply Now

 যোৱা শুকুৰবাৰে ভাৰতৰ বজাৰত মুকলি হৈছে আইফোন ১৮ ছিৰিজ। বজাৰলৈ অহাৰ লগে লগেই গ্ৰাহকসকলৰ মাজত এক ব্যাপক উন্মাদনা দেখিবলৈ পোৱা গৈছে। বিক্ৰী আৰম্ভ হোৱাৰ পাছতেই এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে এই বিশেষ লঙ্গৰৰ দিন ঘোষণা কৰে ত্ৰেহানে। তেওঁ জনায় যে সংবাদ মাধ্যম আৰু সাধাৰণ ৰাইজৰ উপস্থিতিতেই এই স্মাৰ্টফোনসমূহ বিতৰণ কৰা হ’ব। প্ৰথমতে আইফোন ১৬ দিয়াৰ কথা আছিল যদিও সেই পৰিকল্পনা বাতিল কৰা হয়। এই লঙ্গৰত কেৱল আইফোন ১৭ আৰু ১৮ হে বিতৰণ কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

 এই লঙ্গৰৰ জৰিয়তে আইফোন লাভ কৰাৰ প্ৰক্ৰিয়াটো অতি সহজ। অৱশ্যে ইয়াৰ বাবে এটা বিশেষ চৰ্ত আছে। ত্ৰেহানে জনোৱা মতে, এই প্ৰক্ৰিয়াটোৰ বাবে এটা বিশেষ হোৱাটছএপ গ্ৰুপ খোলা হৈছে আৰু সেই গ্ৰুপটোত মাত্ৰ জয় মাতা দি বুলি লিখিব লাগিব। যিসকলে এই তিনিটা শব্দ লিখি পঠিয়াব, তেওঁলোকৰ মাজৰ পৰা লটাৰী বা এক বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে বিজয়ীসকলক নিৰ্বাচন কৰা হ’ব। কোনে কোনে ফোন পাব, সেই কথাও সময়মতে জনাই দিয়া হ’ব। আৰম্ভণিতে কেৱল চণ্ডীগড় আৰু মোহালীৰ বাসিন্দাসকলৰ বাবে এই লঙ্গৰৰ আয়োজন কৰা হৈছে যদিও ২২ ছেপ্টেম্বৰত আৰু দহখন চহৰৰ নাম ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে।

 ইতিমধ্যে এই বিশেষ পদক্ষেপৰ বাবে এশটা আইফোন ১৭ৰ অৰ্ডাৰ দিয়া হৈছে। প্ৰায় এহেজাৰৰো অধিক ফোন বিতৰণ কৰাৰ পৰিকল্পনা আছে বুলি সূত্ৰৰ পৰা জানিবলৈ পোৱা গৈছে। তেওঁৰ দাবী অনুসৰি, কোনো লোকে যাতে এই সুযোগৰ অপব্যৱহাৰ কৰিব নোৱাৰে আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত যাতে স্বচ্ছতা বৰ্তাই ৰাখিব পৰা যায়, তাৰ বাবে পৰ্যায়ক্ৰমে নিৰ্বাচিত লোকসকলৰ হাতত এই ফোনসমূহ তুলি দিয়া হ’ব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও এনে ধৰণৰ অভিনৱ লঙ্গৰ পাতি বাতৰিৰ শিৰোনাম দখল কৰিছিল ৰাজা ডি কিঙে। কিছুদিন পূৰ্বে তেওঁ পেট্ৰল লঙ্গৰৰো আয়োজন কৰিছিল। তাৰ আগতে চণ্ডীগড়ৰ এটা মন্দিৰৰ বাহিৰত পাঁচশ টকীয়া নোট বিলাই সকলোকে আচৰিত কৰি তুলিছিল এইগৰাকী চৰ্চিত ব্যৱসায়ীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd