এনাছথেছিয়া প্ৰয়োগ নকৰাকৈয়ে ২৪ গৰাকী মহিলাৰ অস্ত্ৰোপচাৰ কৰিলে চিকিৎসকে! তদন্তৰ নিৰ্দেশ

বিহাৰ ঘটিছে এক শিহৰণকাৰী ঘটনা। কোনো ধৰণৰ এনাছথেছিয়া প্ৰয়োগ নকৰাকৈয়ে ২৪ গৰাকী মহিলাৰ অস্ত্ৰোপচাৰ কৰাৰ ঘটনাই এতিয়া সমগ্ৰ ৰাজ্য খনৰ লগতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ২০১২ চনতো বিহাৰত কোনো এনাছথেছিয়া প্ৰয়োগ নকৰাকৈ ৫৩ গৰাকী মহিলাৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। উক্ত ঘটনাৰ বাবে আনকি তিনি জন লোকক গ্ৰেপ্তাৰো কৰা হৈছিল। এইবাৰ পুনৰ ঘটিছে একে ধৰণৰ ঘটনা।

জানিব পৰা মতে ৰাজ্য খনৰ খাগৰীয়াত ২৪ গৰাকী মহিলাৰ অস্ত্ৰোপচাৰ কোনো এনাছথেছিয়া প্ৰয়োগ নকৰাকৈয়ে কৰা হৈছে।খাগৰীয়া জিলাৰ গ্ৰাম্য স্বাস্থ্য কেন্দ্ৰত মহিলাসকলক বন্ধ্যাকৰণৰ কৰিবলৈ টিউবেকটমী অস্ত্ৰোপচাৰ কৰা হৈছিল। ফলত বিষ-যন্ত্ৰণাত চটফটাবলগীয়া হৈছিল মহিলাসকলে। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে প্ৰশাসনে এক উচ্চ স্তৰীয় তদন্তৰ নিৰ্দেশ দিছে।

উল্লেখ্য টিউবেকটমী অস্ত্ৰোপচাৰ কৰাৰ পিছত মহিলাসকলে পিছলৈ গৰ্ভৱতী হ’ব নোৱাৰে। এনাছথেছিয়া ব্যৱহাৰ নকৰাকৈ এনে অস্ত্ৰোপচাৰ কৰিব নোৱাৰি যদিও বিহাৰত সেয়া কৰা হৈছে।
ঘটনাৰ প্ৰতিক্ৰিয়াৰ মাজতে খাগৰীয়াৰ জিলা দণ্ডাধীশ আলোক ৰঞ্জন ঘোষে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।।

ইপিনে কেইজনমান চিকিৎসকে দাবী কৰিছে যে সঠিক প্ৰক্ৰিয়া মতেই অস্ত্ৰোপচাৰ কৰা হৈছিল। স্বাস্থ্য কেন্দ্ৰটোৰ এজন বিষয়াই কয়, “এটা ঔষধে সকলোৰে শৰীৰত একেধৰণে কাম কৰিব বুলি অৰ্থ নাই। অস্ত্ৰোপচাৰৰ আগতে অজ্ঞান কৰাৰ ঔষধ প্ৰয়োগ কৰা হৈছিল। কিন্তু কিছুমানৰ ক্ষেত্ৰত ই কাম নকৰিলে। ” সকলো কথা তদন্তৰ পিছতহে স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে।