NORTHEAST NOW (Assamese)

বুধবাৰে গুৱাহাটীত উপস্থিত হ’ব ডব্লিউ ডব্লিউ ইৰ তাৰকা দ্যা গ্ৰেট খালী

August 5, 2019 4:47 pm · এন ই নাও নিউজ
গ্ৰেট খালী উৎস-ইণ্টাৰনেট

ব’ব ফিটনেছ একাডেমীয়ে গুৱাহাটীত আৰম্ভ কৰিবলগীয়া ফিটনেছ একেডেমী মুকলি কৰাৰ বাবে ৭ আগষ্টত গুৱাহাটীত উপস্থিত হ’ব ডব্লিউ ডব্লিউ ইৰ বিশ্ব বিখ্যাত যোদ্ধা গ্ৰেট খালী।

গুৱাহাটীৰ খানাপাৰত থকা হোটেল পালাচিয়াত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোত গ্ৰেট খালী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি উদ্যোক্তা সমিতিয়ে জনাইছে।

অনুষ্ঠানত গ্ৰেট খালীৰ লগতে অতিথি হিচাপে উপস্থিত থাকিব প্ৰদীপ বাবা মাধক আৰু নীলাক্ষী চৌধুৰী।

আবেলি ৩ বজাত খালীয়ে ৰাজ্যৰ সংবাদ মাধ্যমৰ কৰ্মীসকলৰ সৈতে এখন সংবাদ মেলত অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, গ্ৰেট খালীয়ে আমেৰিকাৰ বিখ্যাত ৱৰ্ল্ড ৰেষ্টলিং এন্টাৰটেইমেণ্টত ভাৰতৰ প্ৰফেইশ্যনেল মল্লযোদ্ধা হিচাপে অভিষেক ঘটায়ে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

দৈহিক উচ্চতা আৰু শক্তিৰ বাবে ডব্লিউ ডব্লিউ ইত কম সময়ৰ ভিতৰতে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা খালীয়ে ক্যান, আণ্ডাৰট্ৰেকাৰ, ট্ৰিপ’ল এইচ আদিৰ দৰে তাৰকাক প্ৰত্যাহবান জনাবলৈ সক্ষম হৈছিল।

Related News