• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছ দলৰ পৰাও ওলাই আহিল ভুৱনেশ্বৰ কলিতা? “অস্বীকাৰ” ভুৱনেশ্বৰ কলিতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2019 5:08 pm
Bhubaneshwar Kalita

ভুৱনেশ্বৰ কলিতা। ফাইল ফটো।

5.8k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যসভাৰ সদস্যপদ ত্যাগ কৰাৰ কেইটামান মুহূৰ্তৰ পিছতে কংগ্ৰেছ দলো ত্যাগ কৰিলে ভুৱনেশ্বৰ কলিতাই।

এই খবৰ অসম প্ৰদেশ কংগ্ৰেছ নিশ্চিত কৰা নাই যদিও কিছু সংখ্যক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ পাইছে।

“কংগ্ৰেছ দলে আত্মহত্যা কৰিবলৈ গৈ আছে”, এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত কলিতাৰ উদ্ধৃতি।

ইয়াৰ পূৰ্বে আজি ৰাজ্যসভাৰ পৰা আচম্বিতে পদত্যাগ কৰিছিল সাংসদ কলিতাই। অৱশ্যে টুইট যোগে নিজৰ পদত্যাগৰ কথা ঘোষণা কৰিলেও তেওঁ পদত্যাগৰ কাৰণ উল্লেখ কৰা নাছিল।

পুৱাৰ ভাগত জম্মু-কাশ্মীৰ প্ৰসংগত ৰাজ্যসভাত আন দুগৰাকী কংগ্ৰেছ সাংসদ গোলাম নবী আজাদ, অম্বিকা ছোনীৰ সৈতে ভুৱনেশ্বৰ কলিতায়ো সভাস্থগিত প্ৰস্তাৱৰ জাননী দিছিল। তাৰ পাছতে সাংসদগৰাকীয়ে পদত্যাগ কৰে।

বৰ্তমান ৬৮ বছৰীয়া ভুৱনেশ্বৰ কলিতাই ১৯৭২ চনৰ পৰাই কংগ্ৰেছৰ সৈতে জড়িত হৈ আছিল।

১৯৮৩-৮৫’ত তেওঁ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হৈছিল। ইয়াৰ পাছত ২০০৪ চনত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নিৰ্বাচিত হৈছিল।

তদুপৰি, তেওঁ প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি(১৯৯৫-৯৬), ভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (১৯৮৪-৮৭), নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক (১৯৮৭-৯২) আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক (১৯৯৯-২০০২) আদি পদতো কাৰ্যনিৰ্বাহ কৰি আহিছে।

১৯৮৪ চনত তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পাছত তেওঁ ১৯৯০ চনত পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

১৯৯৮ত তেওঁ লোকসভালৈ নিৰ্বাচিত হয়। ২০০১ ত তেওঁ ৰাজ্য বিধানসভালৈ নিৰ্বাচিত হৈ কেবিনেট মন্ত্ৰী হয়। ২০১৪ চনত তেওঁ পুনৰ কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়।

যোৱা লোকসভা নিৰ্বাচনত কলিতাই মঙলদৈৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হাতত পৰাজিত হৈছিল।

উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংসদ সঞ্জয় সিঙেও ৰাজ্যসভা আৰু দল, দুয়োটাৰ পৰাই পদত্যাগ কৰিছিল। পিছদিনাই সিঙে বিজেপিত যোগদান কৰে।

কংগ্ৰেছ ত্যাগ কৰাৰ কথা ভুৱনেশ্বৰ কলিতাৰ অস্বীকাৰ

কিছু সংখ্যক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰাজ্যসভাৰ সদস্যপদ ত্যাগ কৰাৰ পিছতে ভুৱনেশ্বৰ কলিতাই কংগ্ৰেছ দলো ত্যাগ কৰা বুলি যি বাতৰি প্ৰকাশ পাইছিল, সেয়া সত্য নহয় বুলি জানিব পৰা গৈছে। (নৰ্থ-ইষ্ট নাও-এ তাৰ ভিত্তিতে বাতৰি কৰিছিল)।

নিউজ এইটটিন নামৰ ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ এটা সাক্ষাৎকাৰত কলিতাক এই বাতৰি অস্বীকাৰ কৰা দেখা গৈছে।

সকলো স্পষ্ট কৰি কলিতাই অচিৰেই এটা ঘোষণা কৰিব বুলি জনাইছে যদিও এতিয়ালৈকে একো কোৱা নাই বুলি জনাইছে আৰু তেওঁৰ বুলি ওলাই থকা মন্তব্যবোৰৰ সত্যতা নাকচ কৰিছে।

 

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd