মালাইকাৰ সংগে অসম আগমণ বিশালাকাৰ গ্ৰে’ট খালিৰ

the great khali and malaika arora khan to visit assam

মালাইকা আৰোৰা খান আৰু গ্ৰে’ট খালি। ছবি- ইণ্টাৰনে’ট।

অহা ২৭ ডিচেম্বৰৰ পৰা চিৰাং জিলাত আৰম্ভ হ’ব লগীয়া দৈজিং মহোৎসৱত ভাগ ল’বলৈ অসমলৈ আহি আছে এমেৰিকান মল্লযুঁজ শ্ব’ ডব্লিউ ডব্লিউ ই খ্যাত যুঁজাৰু দ গ্ৰে’ট খালি ওৰফে দলিপ সিং ৰানা

১২ দিন ধৰি চলিব লগা এই মহোৎসৱখনত দেশী-বিদেশী পৰ্য্যটকৰ মনোৰঞ্জনৰ বাবে মল্লযুঁজাৰু খালিৰ লগতে অনুষ্ঠান পৰিৱেশন কৰিব বলিউদি সংগীতকাৰ হিমেস ৰেসমিয়া, নিৰজ শ্ৰীধৰ, কে’লাস খেৰ, অমিত ত্ৰিবেদী, ভূমি ত্ৰিবেদী, স্বেতা পণ্ডিত আৰু অভিনেত্ৰী মালাইকা আৰোৰা খানে।

কোনদিনা কাৰ কি কাৰ্য্যসূচী থাকিব জানিবলৈ পৰৱৰ্তী সময়ত চাই থাকিব নৰ্থ ইষ্ট নাও

গুৱাহাটীৰ হ’তেল ন’ভ’তেলত বুধবাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰে অসমৰ পৰ্য্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

বি টি চিৰ চিৰাং জিলাৰ আই নদীৰ পাৰত ২০১৬ চনৰ পৰা আয়োজিত এই মহোৎসৱখনে এইবাৰ তৃতীয় বছৰত ভৰি দিছে। উৎসৱথলীত প্ৰতি বছৰৰ দৰে এইবাৰো থাকিব পৰম্পৰাগত খাদ্য, সংস্কৃতি আৰু ৰোমাঞ্চকৰ পৰম্পৰাগত খেল-ধেমালি।

“স্থানীয় পৰ্য্যটনৰ লগতে বড়োলেণ্ডৰ বিভিন্ন শিল্প-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যেৰে ২০১৬ চনতে আৰম্ভ কৰা হৈছিল এই উৎসৱৰ। এইবাৰ তৃতীয় বছৰৰ বাবে আয়োজন কৰা এই উৎসৱক এক বৃহৎ অনুষ্ঠান হিচাপে গঢ় দিয়া আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বছেৰেকীয়া অনুষ্ঠান কৰি তোলাৰ লক্ষ্য হাতত লৈছো,” জনালে মন্ত্ৰী ব্ৰহ্মই।

বড়ো শব্দ ‘দৈজিং’ মানে নৈৰ পাৰ। আৰম্ভণিতে আই নদী শীত মহোৎসৱ হিচাপে পালন কৰা এই উৎসৱৰ নাম যোৱা ’১৭-১৮ বৰ্ষত ‘দৈজিং’ কৰা হয়।