নিৰ্বাচনী আচৰণবিধি উলংঘা; ‘এক্স’ৰ পৰা আঁতৰিল বিজেপিসহ চাৰি দলৰ পোষ্ট, বাক্‌স্বাধীনতাৰ পক্ষত এক্স

নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি ইলেক্সন কমিছনৰ ৰোষত ৰাজনৈতিক নেতা আৰু দল৷নিৰ্বাচন আয়োগে ইলন মাস্কৰ মালিকানাধীন ছ’চিয়েল মিডিয়া ছাইট ‘এক্স’ক ৱাই এছ আৰ কংগ্ৰেছ, আপ, এন চন্দ্ৰবাবু নাইডু, আৰু বিহাৰৰ বিজেপি নেতা তথা উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ কিছুমান পোষ্ট আঁতৰাবলৈ নিৰ্দেশ দিছে৷ নিৰ্বাচনী আচৰণ বিধি ভংগৰ উদাহৰণ দি এক্সে মঙলবাৰে এই ঘোষণা কৰে।

এই নিৰ্দেশনা ২ আৰু ৩ এপ্ৰিলত জাৰি কৰা হৈছিল, পৰৱৰ্তী সময়ত ১০ এপ্ৰিলত নিৰ্বাচন আয়োগ কৰ্তৃপক্ষৰ পৰা এক্সক সোঁৱৰাই দিয়া হৈছিল৷নিৰ্দেশনাত ‘এক্স’ক দিয়া নিয়মাৱলী অনুসৰি পোষ্টসমূহ আঁতৰোৱাৰ ক্ষেত্ৰত ‘এক্স’ক “voluntary code of ethics”ৰ সম্ভাৱ্য উলংঘাৰ ওপৰত আলোকপাত কৰিছিল।

শেহতীয়াকৈ ‘এক্স’-এ প্ৰকাশ কৰে যে ভাৰতৰ নিৰ্বাচন আয়োগে বিভিন্ন নিৰ্বাচিত বিষয়া, ৰাজনৈতিক দল, আৰু নিৰ্বাচনী প্ৰাৰ্থীৰ পৰা ৰাজনৈতিক বিষয়বস্তু অন্তৰ্ভুক্ত কৰা নিৰ্দিষ্ট পোষ্টসমূহ আঁতৰোৱাৰ নিৰ্দেশ দিছিল। নিৰ্বাচন আয়োগ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিছে যে এনেধৰণৰ পোষ্টসমূহে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে, য’ত ৰাজনৈতিক সদস্যৰ ব্যক্তিগত জীৱনৰ ওপৰত ভিত্তি কৰি বা অপ্ৰমাণিত দাবী বা বিকৃত তথ্যৰ ভিত্তিত অপমান কৰা নিষিদ্ধ কৰা হৈছে। নিৰ্দেশনা মানি চলি ‘এক্স’এ নিৰ্বাচনী চক্ৰৰ সময়ছোৱাত পোষ্টসমূহ নিষিদ্ধ কৰিছে। তথাপিও ‘এক্স’-এ এই ব্যৱস্থাসমূহৰ সৈতে মতানৈক্য প্ৰকাশ কৰি কয় যে বাক্‌স্বাধীনতাৰ নীতিয়ে এই পোষ্টসমূহ আৰু ৰাজনৈতিক বক্তৃতাক ব্যাপকভাৱে সামৰি ল’ব লাগে। ইতিমধ্যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মটোৱে প্ৰভাৱিত পক্ষসমূহক অৱগত কৰিছে আৰু স্বচ্ছতাৰ স্বাৰ্থত নিৰ্বাচন আয়োগৰ নিৰ্দেশ ৰাজহুৱা কৰিছে। ইয়াৰ উপৰিও ‘এক্স’-এ নিৰ্বাচন আয়োগক ভৱিষ্যতে সকলো পোষ্ট আঁতৰোৱাৰ আদেশ ৰাজনৈতিক কৰিবলৈ আহ্বান জনাইছে।