NORTHEAST NOW (Assamese)

বিতৰ্কত ‘শৈশৱতে ধেমালিতে’

January 21, 2019 9:13 am · এন ই নাও নিউজ
Updated: January 21, 2019 9:14 am

‘শৈশৱতে ধেমালিতে’ অসমীয়া চিনেমাই প্ৰথম অসমীয়া চিনেমা হিচাপে গ’ল্ডেল ৰীল এৱাৰ্ডলৈ বিদেশী ছবিৰ শিতানত ৬ টাকৈ শাখাৰ বাবে মনোনয়ন লাভ কৰা বুলি ওলোৱা প্ৰচাৰ ভুৱা। প্ৰকৃততে ‘শৈশৱতে ধেমালিতে’ অসমীয়া চিনেমাই গ’ল্ডেন ৰীলৰ বাবে মনোনয়ন পোৱা নাই। মনোনয়নৰ বাবে স্থান পাইছিল কিন্তু মনোনয়ন পাবলৈ সক্ষম নহ’ল। এই কথা সংবাদ মাধ্যমক জনাই চিনেমাখনৰ শব্দযন্ত্ৰী হিচাপে কাম কৰা অমৃত প্ৰীতমে নিজেই।

লগতে তেওঁ কয় যে এই ভুৱা প্ৰচাৰে তেওঁক ক্ষতি কৰিব পাৰে। যিহেতু গ’ল্ডেল ৰীল এৱাৰ্ড শব্দৰ শাখাতহে দিয়া হয়। আৰু মনোনয়ন লাভ কৰা হ’লে সেয়া তেওঁৰ বাবে এক অন্যতম গৌৰৱ হ’লহেঁতেন।

চিমেনা খনৰ শব্দ যন্ত্ৰী হিচাপে কাম কৰা প্ৰীতমে এয়া মুক্তিৰ আগতে প্ৰচাৰ লাভৰ বাবে এক কু-কৌশল বুলিও আশংকা ব্যক্ত কৰে। লগতে এই সন্দৰ্ভত প্ৰতীমে পৰিচালকক কঠোৰ ভাষাৰে জনাব বুলিও কয়।

Related News