Xi and Biden exchange words: টাইৱানকলৈ উত্তেজনা! জি জিনপিঙৰ সৈতে কি কথা পাতিলে জো বিডেনে?

Xi and Biden exchange words: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক টেলিফোন কৰিছে। দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত এইটো আছিল পঞ্চম টেলিফোনিক কথোপকথন।

আন্তৰ্জাতিক সংস্থাৰ বাতৰি অনুসৰি, বিডেনে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে দুঘণ্টাৰো অধিক সময় কথা পাতিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ নেন্সি পেলোচিৰ চীনে দাবী কৰা ভূখণ্ড টাইৱান অঞ্চললৈ সম্ভাৱ্য ভ্ৰমণক লৈ তীব্ৰ উত্তেজনাৰ মাজতে বিডেনে জিনপিঙৰ সৈতে কথা পাতে।

লগতে পঢ়ক: Big Asteroids: ২৪ ঘণ্টাৰ ভিতৰত আহি আছে দুটা দৈত্যকায় গ্ৰহাণু; খুন্দা মাৰিব পৃথিৱীত!

হোৱাইট হাউচে জানিবলৈ দিয়া মতে বিডেনে বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি ৰাতিপুৱা ৮:৩৩ বজাত জিনপিঙক ফোন কৰে। টেলিফোনৰ কথোপকথন ৰাতিপুৱা ১০:৫০ বজাত সমাপ্ত হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে জানিবলৈ দিয়ে যে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণকে ধৰি বহুতো বিষয় বিডেন-জিনপিঙৰ এই আলোচনাত স্থান পায়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে জি জিনপিঙৰ সৈতে বিডেনৰ টেলিফোনিক কথোপকথনক বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দুয়োখন দেশৰ মাজত “প্ৰতিযোগিতা সন্তুলন কৰাৰ সুযোগ” হিচাপে চাব বিচাৰিছে।

লগতে পঢ়ক: Jihadi in Assam: ৰাজ্যত দুই জেহাদী গোটৰ সন্ধান; ১০ জনক গ্ৰেপ্তাৰ

চীনে বল প্ৰয়োগ কৰি হ’লেও গণতান্ত্ৰিকভাৱে শাসিত টাইৱানক নিজৰ ভূখণ্ডত অন্তৰ্ভুক্ত কৰাৰ সংকল্প লৈছে। ইয়াকেলৈ ৱাশ্বিংটনৰ সৈতে বেইজিঙৰ উত্তেজনা এক তীব্ৰ পৰ্যায়ত উপনীত হৈছে।