• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আমন্ত্ৰণমৰ্মে প্ৰায় তিনি বছৰৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিবলৈ ওলোৱা চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে আগন্তুক বৈঠকত বাণিজ্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত বিস্তাৰিত আলোচনা কৰিব

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2026 6:40 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আমন্ত্ৰণমৰ্মে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে অহা ২৩ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ ৱাশ্বিংটন ভ্ৰমণ কৰিব। চীন চৰকাৰে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা অনুসৰি, প্ৰায় তিনি বছৰৰ পাছত চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ ওলাইছে। অহা ২৩ ছেপ্টেম্বৰত দুয়োগৰাকী নেতাই পোনপটীয়া বৈঠকত মিলিত হোৱাৰ কথা আছে। বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই আলোচনাত ব্যৱসায়-বাণিজ্য, অৰ্থনৈতিক সম্পৰ্ক আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰিব বুলি আশা কৰা হৈছে।

 

Apply Now

ৰাষ্ট্ৰপতি জিনপিঙৰ এই ভ্ৰমণৰ পূৰ্বে দেওবাৰে নিউয়ৰ্কত দুয়োখন দেশৰ শীৰ্ষ বিষয়াসকলৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। বেইজিঙে এই বৈঠকক ‘অকপট, গভীৰ আৰু গঠনমূলক’ বুলি অভিহিত কৰিছে। চীনৰ উপ-প্ৰধানমন্ত্ৰী হে লাইফেং, আমেৰিকাৰ ট্ৰেজাৰী চেক্ৰেটেৰী স্কট বেচেণ্ট আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীৰে এই অৰ্থনৈতিক আৰু বাণিজ্যিক আলোচনাত অংশগ্ৰহণ কৰিছিল। জিনহুৱা সংবাদ সংস্থাই প্ৰকাশ কৰা মতে, দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ ঐকমত্যৰ ভিত্তিত পাৰস্পৰিক শ্ৰদ্ধা, শান্তিপূৰ্ণ সহাৱস্থান আৰু লাভজনক সহযোগিতাৰ নীতিৰে বিষয়াসকলে অৰ্থনৈতিক, বাণিজ্যিক আৰু কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰে।

 

হংকংস্থিত ‘চাউথ চাইনা মৰ্ণিং পষ্ট’ কাকতৰ প্ৰতিবেদন অনুসৰি, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জইণ্ট বেছ এণ্ড্ৰুজত ব্যক্তিগতভাৱে উপস্থিত থাকি জি জিনপিংক আদৰণি জনোৱাৰ পৰিকল্পনা কৰিছে, যিটো আমেৰিকাৰ কূটনীতিৰ ক্ষেত্ৰত এক বিৰল আদৰণি হিচাপে বিবেচিত হৈছে। ইয়াৰ পূৰ্বে যোৱা মে’ মাহত ট্ৰাম্পৰ চীন ভ্ৰমণৰ সময়ত বেইজিঙত দুয়োগৰাকী নেতাৰ মাজত অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল, য’ত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

 

ৰাছিয়াৰ তেল আৰু গেছ ক্ৰয় কৰা চীন আৰু ভাৰতকে ধৰি অন্যান্য দেশৰ ওপৰত ১০০ শতাংশলৈকে শুল্ক আৰোপ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা এখন নতুন নিষেধাজ্ঞা আইনত ট্ৰাম্পে শেহতীয়াকৈ স্বাক্ষৰ কৰিছে। ইয়াৰ উপৰি দুয়োখন দেশৰ মাজত প্ৰযুক্তিগত প্ৰতিযোগিতা তীব্ৰতৰ কৰি ট্ৰাম্পে শেহতীয়াকৈ এক নতুন ‘এআই ফ’ৰ্চ’ গঠনৰো কথা ঘোষণা কৰিছে। এই সকলোবোৰ কাৰকৰ বাবে জিনপিঙৰ এই আগন্তুক ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। অৱশ্যে, চীনৰ বাণিজ্য মন্ত্ৰালয়ে জনোৱা মতে, শুল্ক বৃদ্ধিৰ এই ভাবুকিৰ মাজতো ৱাশ্বিংটন আৰু বেইজিঙে দুয়োপক্ষৰ ৩০ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী সামৰি লোৱা এক পাৰস্পৰিক শুল্ক হ্ৰাসৰ পৰিকাঠামোৰ বিষয়েও আলোচনা অব্যাহত ৰাখিছে বুলি সদৰী কৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

September 21, 2026 6:23 pm
আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

September 21, 2026 5:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd