NORTHEAST NOW (Assamese)

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ অসমীয়া ছবিজগতত দেখা পোৱা ধাৰাবাহিকতাৰ মাজতেই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা বিশিষ্ট পৰিচালক হিমাংশু প্ৰসাদ দাসে তেওঁৰ নৱতম অসমীয়া চলচিত্ৰ এক্স ৱাই জেডৰ জৰিয়তে দৰ্শকৰ মাজলৈ উভতি আহিছে। গৰু‘, ‘বুলু ফিল্ম‘, ‘জয় হনুমেনআৰু শ্বকিৰা আহিব বকুল তলৰ বিহুলৈৰ দৰে ব্যতিক্ৰমধৰ্মী ছবিৰে সফলতা লাভ কৰা পৰিচালকগৰাকীয়ে এইবাৰ এখন ৰাজনৈতিক হাস্যৰসাত্মক ছবি দৰ্শকলৈ আগবঢ়াইছে, যিখন অহা ২৪ জুলাইত সমগ্ৰ ৰাজ্যজুৰি ছবিগৃহসমূহত মুক্তি লাভ কৰিব।

ছবিখনৰ প্ৰচাৰৰ বাবে নিৰ্মাতাসকলে “২৪ জুলাইত হব নিৰ্বাচন, ভোট দিবলৈ যাব লাগিব ছবিগৃহলৈ” শীৰ্ষক এক আমোদজনক শ্লগান ব্যৱহাৰ কৰিছে। মঙলবাৰে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছবিখনৰ আনুষ্ঠানিক পোষ্টাৰ মুকলি কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিধায়ক প্ৰকাশ চন্দ্ৰ দাস আৰু সাংস্কৃতিক কৰ্মী ৰূপা বৰকটকী উপস্থিত থকাৰ লগতে সাহিত্য-সংস্কৃতি জগতৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু ছবিখনৰ কলা-কুশলীসকলে অংশগ্ৰহণ কৰে। ৰীডম ক্ৰিয়েশ্বনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে হেমন্ত কলিতাই।

ছবিখনৰ বিষয়বস্তু সন্দৰ্ভত পৰিচালক হিমাংশু প্ৰসাদ দাসে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে এক্স ৱাই জেডৰ অৰ্থ হৈছে সৰ্বসাধাৰণ ৰাইজ। তেওঁ জানিবলৈ দিয়া মতে, ছবিখনত দুটা ৰাজনৈতিক দলৰ প্ৰতীক ক্ৰমে বেঙেনাআৰু বাঁহহিচাপে উপস্থাপন কৰা হৈছে আৰু ৰাইজৰ ভোটদানৰ প্ৰক্ৰিয়াটোক লৈয়ে ছবিখনৰ কাহিনী আগবাঢ়িছে। নিৰ্বাচনৰ সময়ত প্ৰতিখন গাঁও বা চহৰত সংঘটিত হোৱা ঘটনাৱলীক কেন্দ্ৰ কৰিয়েই এই ছবিখন নিৰ্মাণ কৰা হৈছে। বিশেষকৈ নিৰ্বাচনৰ সময়ত নেতাসকলৰ পিছে পিছে ঘূৰি ফুৰা অনুগামীসকলৰ নিৰ্বাচনৰ পাছত কি অৱস্থা হয়, সেই বাস্তৱ দিশটো ছবিখনৰ জৰিয়তে হাস্যৰসৰ মাজেৰে ফুটাই তোলাৰ প্ৰয়াস কৰা হৈছে বুলি পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে কৰে।

মিৰ্জা আৰু শুৱালকুছিৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণ সম্পন্ন হোৱা এই ৰাজনৈতিক কমেডী ছবিখনৰ কাহিনী ৰচনা কৰিছে আশিক জামানে। আনহাতে চিত্ৰনাট্য যুগুতাইছে হিমাংশু প্ৰসাদ দাস, শাংকু নিৰঞ্জন নাথ, মহম্মদ শ্বাহজাহান আৰু মহৰ্ষি তুহিন কাশ্যপে। চন্দন দাসৰ সংগীতেৰে সজাই তোলা ছবিখনত সিদ্ধাৰ্থ শৰ্মা, ভবেশ বৰুৱা, প্ৰণামী বৰা, পল্লৱী ফুকন আৰু অপূৰ্ব বৰ্মনকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।

 

Related News