NORTHEAST NOW (Assamese)

কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ য়াবা টেবলেট

September 21, 2021 5:55 pm · এন ই নাও নিউজ

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। নিতৌ আৰক্ষীৰ হাতত ধৰা পৰিছে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ।

আজি পুনৰ কৰিমগঞ্জ জিলাত জব্দ হৈছে বৃহৎ পৰিমাণৰ য়াবা টেবলেট।

কৰিমগঞ্জত আজি BSF ৰ এটা দলে জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

এক সফল অভিযানৰ অন্তত এখন গাড়ীৰ পৰা প্ৰায় ২০,০০০ তকৈও অধিক য়াবা টেবলেট জব্দ কৰে অভিযানকাৰী দলটোৱে।

এই অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰা হয়। আটকাধীন লোক কেইজনক ইকবাল হুছেইন আৰু গনী বুলি চিনাক্ত কৰা হৈছে।

বিশেষ সূত্ৰ মতে,ক’লা বজাৰত জব্দকৃত টেবলেট খিনিৰ মূল্য ৭০ লাখতকৈও অধিক হ’ব বুলি অনুমান কৰা হৈছে।

Related News