NORTHEAST NOW (Assamese)

২১ জুনত সৰুসজাইত কেন্দ্ৰীয়ভাৱে যোগ দিৱসৰ আয়োজন

June 19, 2019 7:56 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ছবি

অহা ২১ জুনত দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীৰ সৰুসজাইত কেন্দ্ৰীয়ভাৱে যোগ দিৱসৰ আয়োজন কৰা হ’ব। কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে আজি এক সংবাদমেল যোগে এই কথা  জানিবলৈ দিয়ে।

উক্ত দিনা পুৱা ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া যোগ দিৱসৰ কাৰ্যসূচীত পোনপ্ৰথমে প্ৰধান মন্ত্ৰী মোদীয়ে যোগ দিৱস উপলক্ষে প্ৰদান কৰা ভাষণৰ লাইভ প্ৰগ্ৰেম প্ৰদৰ্শন কৰা হ’ব।

ইয়াৰ পিছতে পুৱা ৭ বজাত যোগ কৰা কাৰ্যসূচী আৰম্ভ হ’ব বুলি জানিবলৈ দি উপায়ুক্ত গৰাকীয়ে লগতে কয় যে যোগ দিৱসৰ উক্ত কাৰ্যসূচীত প্ৰায় ৮ হাজাৰ লোক অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

জিলা প্ৰশাসন, আৰ্ট অৱ লিভিং, পুলিচ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোকে অংশগ্ৰহণ কৰিব লগীয়া কাৰ্যসূচীটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মূখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলিও তেওঁ জনায়।

ইয়াৰ উপৰি স্বাস্থ্য বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা আছে যদিও ‘বৰ্তমানলৈকে মন্ত্ৰীজনে নিশ্চয়তা প্ৰদান কৰা নাই’ বুলি তেওঁ কয়।

Related News