• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ ৩,৫০০ কিলোমিটাৰ জোৰা ‘ভাৰত জোড়ো যাত্ৰা’ত চামিল হ’ল যোগেন্দ্ৰ যাদৱ, মেধা পাটকাৰকে ধৰি বহু সমাজকৰ্মী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 7, 2022 4:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদীৰ চৰকাৰৰ দিনত দেশ চৰম বিপৰ্যয়ৰ মুখামুখী হোৱা বুলি অভিযোগ কৰি কংগ্ৰেছে আজিৰে পৰা আৰম্ভ কৰিছে ‘ভাৰত জোড়ো যাত্ৰা’।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ১৫০ দিনীয়া এই কাৰ্যসূচীয়ে ৩,৫০০ কিলোমিটাৰ পথ সামৰি ল’ব।এই দীঘলীয়া কাৰ্যসূচীৰ আৰম্ভণিৰ পূৰ্বে আজি পুৱা ৰাহুল গান্ধীয়ে তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰস্থিত তেওঁৰ পিতৃ তথা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ স্মাৰক দৰ্শন কৰি আশীষ লয়।

পিতৃৰ স্মৃতিসৌধ পৰিদৰ্শন কৰাৰ পিছতে গান্ধীয়ে এক টুইট যোগে কয়, “ঘৃণা আৰু বিভাজনৰ ৰাজনীতিত মই মোৰ পিতৃক হেৰুৱাইছো। মই মোৰ প্ৰিয় দেশখনকো এই একেটা কাৰকৰ বাবে হেৰুৱাব নোৱাৰো। প্ৰেমে ঘৃণাক জয় কৰিব। আশাই ভয়ক পৰাজিত কৰিব। আমি একেলগে এই বাধা অতিক্ৰম কৰিম।”

Apply Now

বিজেপিৰ শাসনৰ অধীনত সামাজিক মেৰুকৰণ আৰু ৰাজনৈতিক কেন্দ্ৰীকৰণৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে ইতিপূৰ্বে ‘ভাৰত জোড়ো যাত্ৰা’ দেশক একত্ৰিত কৰাৰ লক্ষ্যৰে তেওঁৰ বাবে এক ‘তপস্যা’ৰ দৰে বুলি অভিহিত কৰিছিল।

কংগ্ৰেছ নেতাগৰাকীয়ে আজি সন্ধিয়া মহাত্মা গান্ধী মণ্ডপত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে যাত্ৰা উন্মোচনৰ বাবে গান্ধীক ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰিব।

৩,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ‘ভাৰত জোড়ো যাত্ৰা’ক যোৱা শতিকাৰ পিছত দেশত আয়োজিত ‘দীৰ্ঘতম পদযাত্ৰা’ বুলি কংগ্ৰেছে অভিহিত কৰিছে। আজি সন্ধিয়া প্ৰায় ৫ বজাত এক সমদলৰ দ্বাৰা কংগ্ৰেছৰ এই বহু প্ৰত্যাশিত কাৰ্যসূচীৰ আৰম্ভণি কৰা হ’ব আৰু বৃহস্পতিবাৰে পুৱা ‘পদযাত্ৰা’ আৰম্ভ হ’ব।

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ কৰ্মী আৰু নেতাসকলে প্ৰতিদিনে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ দুটা দলত বিভক্ত হৈ পদযাত্ৰা কৰিব। দুয়োটা দলে অহা ১৫০ দিনৰ ভিতৰত ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল এই কাৰ্যসূচীত সামৰি ল’ব।

কংগ্ৰেছৰ সূত্ৰ অনুসৰি, ৰাহুল গান্ধীয়ে বুধবাৰে কন্যাকুমাৰীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল উপস্থিত থাকিব। এম কে ষ্টালিনে মঞ্চত ৰাহুল গান্ধীক খাদীৰে প্ৰস্তুত কৰা এখন ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰিব। এই পতাকাৰে আৰম্ভ হ’ব ‘ভাৰত জোড়ো যাত্ৰা’। ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ হোৱাৰ এদিন আগতে কংগ্ৰেছে কৈছিল যে ই ভাৰতীয় ৰাজনীতিৰ বাবে আটাইতকৈ ডাঙৰ মুহূৰ্ত হ’ব।

কংগ্ৰেছে কৈছে যে দলটোৱে ২০২৪ চনৰ নিৰ্বাচনত পুনৰ শাসনলৈ উভতি আহিব। ইপিনে কংগ্ৰেছৰ এই যাত্ৰাত অংশগ্ৰহণ কৰিছে সমাজকৰ্মী তথা কৃষক নেতা যোগেন্দ্ৰ যাদৱ, অৰুণা ৰায়, মেধা পাটকাৰ, আৰু পি ভি ৰাজাগোপাল, দেৱেনুৰা মহাদেৱ, আলী আনৱাৰ, ড০ সুনীলম, বেজৱাড়া উইলছন আদি অৰাজনৈতিক ব্যক্তিসকলে। কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ ৰ উদ্দেশ্যৰ প্ৰতি সমৰ্থন জনায়েই যোগেন্দ্ৰ যাদৱকে ধৰি অন্যান্যসকলেও এই যাত্ৰাত হয় অংশগ্ৰহণ কৰিছে অথবা সমৰ্থন জনাইছে।

গুজৰাটত উন্নয়নমূলক প্ৰকল্পসমূহ স্থগিত ৰখা আৰু ‘নৰ্মদা বচাও আন্দোলন’ প্ৰহসনত পৰিণত হোৱাৰ বাবেই মেধা পাটকাৰেও ৰাহুল গান্ধীৰ সৈতে যাত্ৰাত যোগদান কৰিব।

যোগেন্দ্ৰ যাদৱ,এগৰাকী প্ৰতিবাদসত্বাৰ ব্যক্তি। কৃষকৰ সমস্যাৰ লগতে আন বিষয়সমূহতো তেওঁ নিৰ্ভীক ভাবে মাত মাতি আহিছে। যাদৱে নতুন কৃষি আইনৰ বিৰুদ্ধে বছৰজোৰা ‘কৃষক’ আন্দোলনৰ নেতৃত্ব দিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd