কংগ্ৰেছৰ ৩,৫০০ কিলোমিটাৰ জোৰা ‘ভাৰত জোড়ো যাত্ৰা’ত চামিল হ’ল যোগেন্দ্ৰ যাদৱ, মেধা পাটকাৰকে ধৰি বহু সমাজকৰ্মী

মোদীৰ চৰকাৰৰ দিনত দেশ চৰম বিপৰ্যয়ৰ মুখামুখী হোৱা বুলি অভিযোগ কৰি কংগ্ৰেছে আজিৰে পৰা আৰম্ভ কৰিছে ‘ভাৰত জোড়ো যাত্ৰা’।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ১৫০ দিনীয়া এই কাৰ্যসূচীয়ে ৩,৫০০ কিলোমিটাৰ পথ সামৰি ল’ব।এই দীঘলীয়া কাৰ্যসূচীৰ আৰম্ভণিৰ পূৰ্বে আজি পুৱা ৰাহুল গান্ধীয়ে তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰস্থিত তেওঁৰ পিতৃ তথা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ স্মাৰক দৰ্শন কৰি আশীষ লয়।

পিতৃৰ স্মৃতিসৌধ পৰিদৰ্শন কৰাৰ পিছতে গান্ধীয়ে এক টুইট যোগে কয়, “ঘৃণা আৰু বিভাজনৰ ৰাজনীতিত মই মোৰ পিতৃক হেৰুৱাইছো। মই মোৰ প্ৰিয় দেশখনকো এই একেটা কাৰকৰ বাবে হেৰুৱাব নোৱাৰো। প্ৰেমে ঘৃণাক জয় কৰিব। আশাই ভয়ক পৰাজিত কৰিব। আমি একেলগে এই বাধা অতিক্ৰম কৰিম।”

বিজেপিৰ শাসনৰ অধীনত সামাজিক মেৰুকৰণ আৰু ৰাজনৈতিক কেন্দ্ৰীকৰণৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে ইতিপূৰ্বে ‘ভাৰত জোড়ো যাত্ৰা’ দেশক একত্ৰিত কৰাৰ লক্ষ্যৰে তেওঁৰ বাবে এক ‘তপস্যা’ৰ দৰে বুলি অভিহিত কৰিছিল।

কংগ্ৰেছ নেতাগৰাকীয়ে আজি সন্ধিয়া মহাত্মা গান্ধী মণ্ডপত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে যাত্ৰা উন্মোচনৰ বাবে গান্ধীক ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰিব।

৩,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ‘ভাৰত জোড়ো যাত্ৰা’ক যোৱা শতিকাৰ পিছত দেশত আয়োজিত ‘দীৰ্ঘতম পদযাত্ৰা’ বুলি কংগ্ৰেছে অভিহিত কৰিছে। আজি সন্ধিয়া প্ৰায় ৫ বজাত এক সমদলৰ দ্বাৰা কংগ্ৰেছৰ এই বহু প্ৰত্যাশিত কাৰ্যসূচীৰ আৰম্ভণি কৰা হ’ব আৰু বৃহস্পতিবাৰে পুৱা ‘পদযাত্ৰা’ আৰম্ভ হ’ব।

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ কৰ্মী আৰু নেতাসকলে প্ৰতিদিনে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ দুটা দলত বিভক্ত হৈ পদযাত্ৰা কৰিব। দুয়োটা দলে অহা ১৫০ দিনৰ ভিতৰত ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল এই কাৰ্যসূচীত সামৰি ল’ব।

কংগ্ৰেছৰ সূত্ৰ অনুসৰি, ৰাহুল গান্ধীয়ে বুধবাৰে কন্যাকুমাৰীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল উপস্থিত থাকিব। এম কে ষ্টালিনে মঞ্চত ৰাহুল গান্ধীক খাদীৰে প্ৰস্তুত কৰা এখন ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰিব। এই পতাকাৰে আৰম্ভ হ’ব ‘ভাৰত জোড়ো যাত্ৰা’। ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ হোৱাৰ এদিন আগতে কংগ্ৰেছে কৈছিল যে ই ভাৰতীয় ৰাজনীতিৰ বাবে আটাইতকৈ ডাঙৰ মুহূৰ্ত হ’ব।

কংগ্ৰেছে কৈছে যে দলটোৱে ২০২৪ চনৰ নিৰ্বাচনত পুনৰ শাসনলৈ উভতি আহিব। ইপিনে কংগ্ৰেছৰ এই যাত্ৰাত অংশগ্ৰহণ কৰিছে সমাজকৰ্মী তথা কৃষক নেতা যোগেন্দ্ৰ যাদৱ, অৰুণা ৰায়, মেধা পাটকাৰ, আৰু পি ভি ৰাজাগোপাল, দেৱেনুৰা মহাদেৱ, আলী আনৱাৰ, ড০ সুনীলম, বেজৱাড়া উইলছন আদি অৰাজনৈতিক ব্যক্তিসকলে। কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ ৰ উদ্দেশ্যৰ প্ৰতি সমৰ্থন জনায়েই যোগেন্দ্ৰ যাদৱকে ধৰি অন্যান্যসকলেও এই যাত্ৰাত হয় অংশগ্ৰহণ কৰিছে অথবা সমৰ্থন জনাইছে।

গুজৰাটত উন্নয়নমূলক প্ৰকল্পসমূহ স্থগিত ৰখা আৰু ‘নৰ্মদা বচাও আন্দোলন’ প্ৰহসনত পৰিণত হোৱাৰ বাবেই মেধা পাটকাৰেও ৰাহুল গান্ধীৰ সৈতে যাত্ৰাত যোগদান কৰিব।

যোগেন্দ্ৰ যাদৱ,এগৰাকী প্ৰতিবাদসত্বাৰ ব্যক্তি। কৃষকৰ সমস্যাৰ লগতে আন বিষয়সমূহতো তেওঁ নিৰ্ভীক ভাবে মাত মাতি আহিছে। যাদৱে নতুন কৃষি আইনৰ বিৰুদ্ধে বছৰজোৰা ‘কৃষক’ আন্দোলনৰ নেতৃত্ব দিছিল।