নিৰ্বাচনৰ মাজতে আন এখন ঠাইৰ নাম সলনিৰ প্ৰস্তাৱ যোগী আদিত্যনাথৰ

লোকসভা নিৰ্বাচনৰ সময়ত উত্তৰ প্ৰদেশৰ আন এখন চহৰৰ নাম সলনি কৰাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কয় যে ঔপনিৱেশিক ইতিহাসৰ প্ৰভাৱ মচি পেলোৱাৰ প্ৰয়োজন আৰু একে সময়তে পৰম্পৰাকো সন্মান কৰা প্ৰয়োজন।

জানিব পৰা মতে এইবাৰ আকবৰপুৰৰ নাম সলনি কৰাৰ প্ৰস্তাৱ অনা হৈছে। মোগল সম্ৰাট তৃতীয় আকবৰৰ নামেৰে আকবৰপুৰৰ নামকৰণ কৰা হৈছিল।

বৃহস্পতিবাৰে ঘটামপুৰৰ পাটৰা ৰেলৱে ষ্টেচন খেলপথাৰত আকবৰপুৰ লোকসভাৰ আসনৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভাষণ প্ৰদান কৰে। তাত তেওঁ মন্তব্য কৰিছিল, “এই চহৰবোৰৰ নাম উচ্চাৰণ কৰাটোও কঠিন। আমি আমাৰ দেশৰ পৰা ঔপনিৱেশিকতাৰ সকলো লেখ-জোখ আঁতৰাই পেলাব লাগিব। আমি আমাৰ ঐতিহ্যক সন্মান কৰিব লাগিব।”

এই সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এক প্ৰেছ বিবৃতি প্ৰকাশ কৰে। তাত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘পঞ্চ প্ৰাণ’ (পাঁচটা প্ৰতিশ্ৰুতি)ৰ পিছত আকবৰপুৰৰ নাম সলনি কৰা হ’ব।

সূত্ৰ অনুসৰি ৰাজ্যজুৰি জল্পনা-কল্পনা চলি আছে যে আকবৰপুৰৰ বাহিৰেও আজমগড়, আলিগড়, শ্বাহজাহানপুৰ, গাজিয়াবাদ, ফাৰুখাবাদ, মোৰাদাবাদকে ধৰি আন কেইবাখনো চহৰৰ নাম অতি সোনকালে সলনি কৰাৰ প্ৰস্তাৱ দিয়া হ’ব।

মন কৰিবলগীয়া যে ২০১৭ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা আদিত্যনাথ নেতৃত্বাধীন চৰকাৰখনে উত্তৰ প্ৰদেশৰ কেইবাখনো জনপ্ৰিয় স্থানৰ নাম সলনি কৰি আহিছে। মোগলচৰাই ৰেল ষ্টেচনৰ নাম সলনি কৰি দীনদয়াল উপাধ্যায় জংচন কৰা হৈছে। ২০১৯ চনৰ কুম্ভ মেলাৰ ঠিক আগতে এলাহাবাদৰ নাম সলনি কৰি প্ৰয়াগৰাজ কৰা হয়।

একেদৰে ঝাঁচী ৰেলৱে ষ্টেচনৰ নাম সলনি কৰি ৰাণী লক্ষ্মী বাইৰ নামেৰে নামাকৰণ কৰা হয়। ফৈজাবাদৰ নাম অযোধ্যা ৰখা হয়। যোৱা বছৰ আলিগড়ৰ নাম হৰিগড়লৈ সলনি কৰাৰ প্ৰস্তাৱ গৃহীত হৈছিল। আনহাতে, ফিৰোজাবাদৰ নাম সলনি কৰি চন্দ্ৰ নগৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।