এটা বিজ্ঞাপনকলৈ এতিয়া শলঠেকত পৰিছে যোগীৰ চৰকাৰ,কি সেই বিজ্ঞাপন?

yogi

এটা আজৱ কাণ্ডত সোমাই পৰিছে যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰপ্ৰদেশৰ চৰকাৰ। ইয়াকে লৈ আজি সামাজিক মাধ্যমত ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছে।

উত্তৰপ্ৰদেশ চৰকাৰৰ এটা বিজ্ঞাপনত দেখিবলৈ পোৱা গৈছে এখন ফ্লাইঅভাৰৰ ফটো। ফটোখনৰ ওপৰত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হাস্যমুখেৰে অভিবাদন জনাই থিয় হৈ আছে। বিজ্ঞাপনটোত লিখা হৈছে যে আদিত্যনাথৰ নেতৃত্বত উত্তৰপ্ৰদেশৰ আমূল পৰিৱৰ্তন হৈছে! দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশ পাইছে বিজ্ঞাপনটো।

তাৰপাছতে টুইটাৰত বিজ্ঞাপনটো বিয়পি পৰে। টুইটাৰ ব্যৱহাৰকাৰীসকলে আঙুলিয়াই দেখুৱাই যে উত্তৰপ্ৰদেশৰ উন্নয়নৰ চিহ্ন হিচাপে প্ৰদৰ্শন কৰা ফ্লাইঅভাৰৰ ফটোখন উত্তৰপ্ৰদেশৰ নহয়! বৰঞ্চ  ফ্লাই অভাৰখন আছে বিজেপি বিৰোধী ৰাজ্য পশ্চিমবংগৰ কলকাতাত!

কলকাতাৰ এই ফ্লাইঅভাৰখনক ‘মা ফ্লাইঅভাৰ’ নামেৰে জনা যায়। আনকি কলকাতাৰ বিখ্যাত হালধীয়া টেক্সিও ফ্লাইঅভাৰখনত স্পষ্টভাৱে দেখা পোৱা গৈছে।

বিজ্ঞাপনটোক লৈ সৰৱ হৈ উঠে বংগৰ শাসনত অধিষ্ঠিত তৃণমূল কংগ্ৰেছো। তৃণমূলৰ বহুকেইজন নেতাই টুইটাৰযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে উত্তৰপ্ৰদেশ চৰকাৰে ছৱিখন চুৰি কৰা বুলি অভিযোগ কৰিছে।

জানিব পৰা মতে, কলকাতাৰ এই ফ্লাইঅভাৰখন ২০১৫ চনৰ ৯ অক্টোবৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উদ্বোধন কৰিছিল। তদুপৰি ফ্লাইঅভাৰখনৰ নামাংকিতও মমতায়েই কৰিছিল।

তাৰপাছতে দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ কাকতখনে এটা টুইট কৰে। টুইটটোত কাকতখনৰ তৰফৰ পৰা জনায় যে বিজ্ঞাপনটো কাকতখনৰ বাণিজ্যিক বিভাগে তৈয়াৰ কৰিছিল। বিজ্ঞাপনটোত হোৱা ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনাও কৰে কাকতখনে।

উল্লেখযোগ্য যে এটা বিজ্ঞাপনক লৈ এনেধৰণে এখন কাকতে ক্ষমাপ্ৰাৰ্থনা কৰাটো বিৰল, কাৰণ বিজ্ঞাপনসমূহ নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট বিজ্ঞাপনদাতাই নিজাকৈ ব্যৱস্থা গ্ৰহণ কৰে।

আনকি কাকতখনেও ইয়াৰ পূৰ্বে স্পষ্টভাৱে জনাইছিল যে প্ৰকাশিত বিজ্ঞাপনসমূহৰ বিষয়বস্তসমূহৰ ক্ষেত্ৰত কাকতখন দায়ী নহয়। তেনে পৰিস্থিতিত এই ফ্লাইঅভাৰ কাণ্ডটো কেনেধৰণে ঘটিবলৈ পালে সেই লৈও চৰ্চা হোৱা দেখা গৈছে।