• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উওৰ-পূৱৰ শিপিনীক বিশ্ব বজাৰ দিয়াৰ লক্ষ্যৰে তামুলপুৰৰ এগৰাকী অভিযন্তাৰ অভিনৱ প্ৰয়াস

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
December 6, 2019 9:32 am
Tamulpur story

কৃষ্ণাৰ্জুন দাস

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত দেশ তথা ৰাজ্যৰ এচাম শিক্ষিত যুৱকে চাকৰি বিচাৰি হাবাথুৰি খাইছে সেই সময়ত উওৰ-পূৱৰ বস্ত্ৰ শিল্পক এখন বিশ্ব বজাৰ দিয়াৰ সপোনেৰে কৃষ্ণাৰ্জুন দাস নামৰ বাক্সা জিলাৰ তামুলপুৰৰ এজন উচ্চ শিক্ষিত তথা যুৱ অভিযন্তাই তেওঁৰ আন দুজন বন্ধুৰ সৈতে বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰত বল্কল(BOLKOL) নামৰ এক ষ্টার্ট আপ(Startup) ব্যৱসায়ৰ আৰম্ভ কৰে।

অসমৰ বাহিৰত উচ্চ শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি উত্তৰ-পূৱৰ গ্ৰাম্য অৰ্থনীতিক এক মাত্ৰা দিয়াৰ লগতে নতুন পোহৰ দিয়াৰ মানসেৰে কিছু বছৰ পূৰ্বে বল্কলৰ(Bolkol) এক অভিনৱ  যাত্রা আৰম্ভ হৈছিল।

Apply Now

কৃষিক্ষেত্রৰ পিছত হস্ততাত বস্ত্ৰ শিল্পই হৈছে দেশৰ দ্বিতীয় জীৱিকা সৃষ্টিকাৰী পেছা কিন্ত এখন সঠিক বজাৰ নোপোৱাৰ বাবে আজিও অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাম্যাঞ্চলৰ শিপিনী সকলে নিজৰ হাতৰ সৃষ্টিৰে চমক লগা বস্ত্ৰ উৎপাদন কৰিও এক অনিচ্ছয়তাৰ মাজত জীয়াই থাকিব লগা হৈছে। যাৰ ফলত হস্ততাঁতৰ(Handloom) কাপোৰৰ উচ্চ চাহিদা থকাৰ পিছতো আমাৰ শিপিনী-বোৱনী সকলে আৰ্থিক ভাৱে আজিও বঞ্চিত হৈ আহিছে আৰু তেওঁলোকৰ অৰ্থনৈতিক দিশটো স্বচ্ছল তথা টনকিয়াল কৰিব পৰা নায়।

এই সকলোবোৰ অসুবিধাৰ সমাধান সূত্ৰ উলিয়াই কৃষ্ণৰ্জুন দাস নামৰ প্ৰতিভা সম্পন্ন যুৱক জনে আৰম্ভ কৰা বল্কলে(BOLKOL) অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিপিনী-বোৱনী, আত্মসহায়ক গোট, সমবায় সমিতি, বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা(NGO)  আদিলৈ কঢ়িয়াই আনিছে এক প্ৰচুৰ আশাৰ ৰেঙণি তথা সম্ভাৱনা।

এতিয়া বল্কল(Bolkol) ৰ মাধ্যমেৰে উওৰ-পূৰ্বাঞ্চলৰ শিপিনী-বোৱানীয়ে সমগ্ৰ বিশ্বতে নিজৰ নিপুণ হাতেৰে উৎপাদিত বস্ত্ৰ সমূহ বিক্ৰী কৰিব পাৰিব।

যুৱ অভিযন্তা কৃষ্ণাৰ্জুন দাসে জনোৱা মতে বল্কলে  সাজি উলিওৱা bolkol.com নামৰ ৱেবচাইটটোৰ জৰিয়তে এতিয়া ঘৰত বহি বহিয়েই  শিপিনী, আসহায়ক গোট বা অন্য সংস্থা সমূহে নিজ হাতেৰে উৎপাদিত তথা  অভিনৱ শৈলীৰে তৈয়াৰী হেণ্ডলুম সামগ্ৰী সমূহ বিশ্ব বজাৰত বিক্ৰী কৰিব পাৰিব।

অসম চৰকাৰৰ এডভান্টেজ আসাম কাৰ্যসূচীৰ অন্যতম অসম ষ্টাৰ্ট আপ( Assam startup ) এ অসমৰ ১২০০ টা ষ্টাৰ্ট আপৰ মাজৰ পৰা ৫২ টা ষ্টাৰ্ট আপক আই আই এম কলকতাৰ দ্বাৰা ব্যৱসায় উন্নীতকৰণৰ বাবে প্ৰশিক্ষণ  দিয়াৰ বাবে বাচি উলিয়াইছে আৰু এই ৫২ টি ষ্টাৰ্ট আপ গোটৰ ভিতৰত বল্কলেও অন্যতম গোট হিচাপে বাচনি লাভ কৰিবলৈ সক্ষম হৈছে।

বল্কলে এতিয়া অসমৰ ১০০০ শিপিনীৰে সৈতে পোনপটিয়াকৈ সংলগ্ন হৈ আছে আৰু শিলিনী সকলে সাজি উলিওৱা সামগ্ৰী সমূহ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অনলাইন  মাধ্যমেৰে  বিক্ৰী কৰি আহিছে।

মূলতে অসমীয়া গামোছা,  এৰি কাপোৰ আৰু অসমৰ বিভিন্ন থলুৱা শিপিনীয়ে বোৱা বস্ত্ৰক বল্কলে বিশ্বৰ বজাৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছে আৰু আৰ্থিক ভাৱে স্বচ্ছলতা লাভ কৰিবলৈ সক্ষম হৈছে।

মাত্র ২৫০০০ টকাৰে বাক্সা জিলাৰ তামুলপুৰত ব্যৱসায় আৰম্ভ কৰা বল্কলে আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ  বিভিন্ন শিপিনীৰ জীৱিকাৰ পথ প্ৰশস্ত কৰি তেওঁলোকৰ জীৱনলৈ এক নতুন পোহৰ বিলাইছে।

২০২০ ইং চনৰ ৰ ভিতৰত বল্কলে অসমৰ দহ হেজাৰ শিপিনীৰ সৈতে সংলগ্ন হোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।

ইতিমধ্যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনী সকলক বল্কলে নতুন নতুন সামগ্ৰী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকে বনোৱা সামগ্ৰী সমূহক বিভিন্ন দেশলৈ ৰপ্তানি কৰাৰো পৰিকল্পনা কৰিছে।

বল্কলৰ এই প্ৰচেষ্টাৰ ফলত গ্ৰাম্য অৰ্থনীতিয়ে এক নতুন ৰূপ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যৰ তথা দেশৰ বহুতো শিক্ষিত নিবনুৱাই বল্কলৰ সৈতে সংলগ্ন হৈ নিজৰ জীৱিকাৰ পথ উলিয়াই ল’ব পাৰিব।

মূলত ভাৰতবৰ্ষৰ বেংগালুৰু, দিল্লী, মুম্বাই, চেন্নাই ইত্যাদি ঠাইৰ পৰা bolkol.comৰ মাধ্যমেৰে বহুতো লোকে অসমীয়া শিপিনীৰ হাতেৰে বোৱা বিভিন্ন কাপোৰ অৰ্ডাৰ কৰি আছে বুলি বল্ককৰ প্ৰতিষ্ঠাপক কৃষ্ণাৰ্জুন দাসে জানিব দিছে।

ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰে শিপিনী-বোৱনী বা হেণ্ডলুম ক্লাষ্টাৰে এতিয়া অতি সহজে bolkol.com ৰ ৱেবচাইটত এগৰাকী বিক্রেতা হিচাপে পঞ্জীয়ন কৰি নিজে বোৱা সামগ্ৰী সমূহক এখন অনলাইন বজাৰ দিব পাৰিব আৰু গোটেই বিশ্বতে নিজৰ সামগ্ৰী সমূহ বিক্ৰী কৰিব পাৰিব।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd