যি সময়ত দেশ তথা ৰাজ্যৰ এচাম শিক্ষিত যুৱকে চাকৰি বিচাৰি হাবাথুৰি খাইছে সেই সময়ত উওৰ-পূৱৰ বস্ত্ৰ শিল্পক এখন বিশ্ব বজাৰ দিয়াৰ সপোনেৰে কৃষ্ণাৰ্জুন দাস নামৰ বাক্সা জিলাৰ তামুলপুৰৰ এজন উচ্চ শিক্ষিত তথা যুৱ অভিযন্তাই তেওঁৰ আন দুজন বন্ধুৰ সৈতে বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰত বল্কল(BOLKOL) নামৰ এক ষ্টার্ট আপ(Startup) ব্যৱসায়ৰ আৰম্ভ কৰে।
অসমৰ বাহিৰত উচ্চ শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি উত্তৰ-পূৱৰ গ্ৰাম্য অৰ্থনীতিক এক মাত্ৰা দিয়াৰ লগতে নতুন পোহৰ দিয়াৰ মানসেৰে কিছু বছৰ পূৰ্বে বল্কলৰ(Bolkol) এক অভিনৱ যাত্রা আৰম্ভ হৈছিল।
কৃষিক্ষেত্রৰ পিছত হস্ততাত বস্ত্ৰ শিল্পই হৈছে দেশৰ দ্বিতীয় জীৱিকা সৃষ্টিকাৰী পেছা কিন্ত এখন সঠিক বজাৰ নোপোৱাৰ বাবে আজিও অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাম্যাঞ্চলৰ শিপিনী সকলে নিজৰ হাতৰ সৃষ্টিৰে চমক লগা বস্ত্ৰ উৎপাদন কৰিও এক অনিচ্ছয়তাৰ মাজত জীয়াই থাকিব লগা হৈছে। যাৰ ফলত হস্ততাঁতৰ(Handloom) কাপোৰৰ উচ্চ চাহিদা থকাৰ পিছতো আমাৰ শিপিনী-বোৱনী সকলে আৰ্থিক ভাৱে আজিও বঞ্চিত হৈ আহিছে আৰু তেওঁলোকৰ অৰ্থনৈতিক দিশটো স্বচ্ছল তথা টনকিয়াল কৰিব পৰা নায়।
এই সকলোবোৰ অসুবিধাৰ সমাধান সূত্ৰ উলিয়াই কৃষ্ণৰ্জুন দাস নামৰ প্ৰতিভা সম্পন্ন যুৱক জনে আৰম্ভ কৰা বল্কলে(BOLKOL) অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিপিনী-বোৱনী, আত্মসহায়ক গোট, সমবায় সমিতি, বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা(NGO) আদিলৈ কঢ়িয়াই আনিছে এক প্ৰচুৰ আশাৰ ৰেঙণি তথা সম্ভাৱনা।
এতিয়া বল্কল(Bolkol) ৰ মাধ্যমেৰে উওৰ-পূৰ্বাঞ্চলৰ শিপিনী-বোৱানীয়ে সমগ্ৰ বিশ্বতে নিজৰ নিপুণ হাতেৰে উৎপাদিত বস্ত্ৰ সমূহ বিক্ৰী কৰিব পাৰিব।
যুৱ অভিযন্তা কৃষ্ণাৰ্জুন দাসে জনোৱা মতে বল্কলে সাজি উলিওৱা bolkol.com নামৰ ৱেবচাইটটোৰ জৰিয়তে এতিয়া ঘৰত বহি বহিয়েই শিপিনী, আসহায়ক গোট বা অন্য সংস্থা সমূহে নিজ হাতেৰে উৎপাদিত তথা অভিনৱ শৈলীৰে তৈয়াৰী হেণ্ডলুম সামগ্ৰী সমূহ বিশ্ব বজাৰত বিক্ৰী কৰিব পাৰিব।
অসম চৰকাৰৰ এডভান্টেজ আসাম কাৰ্যসূচীৰ অন্যতম অসম ষ্টাৰ্ট আপ( Assam startup ) এ অসমৰ ১২০০ টা ষ্টাৰ্ট আপৰ মাজৰ পৰা ৫২ টা ষ্টাৰ্ট আপক আই আই এম কলকতাৰ দ্বাৰা ব্যৱসায় উন্নীতকৰণৰ বাবে প্ৰশিক্ষণ দিয়াৰ বাবে বাচি উলিয়াইছে আৰু এই ৫২ টি ষ্টাৰ্ট আপ গোটৰ ভিতৰত বল্কলেও অন্যতম গোট হিচাপে বাচনি লাভ কৰিবলৈ সক্ষম হৈছে।
বল্কলে এতিয়া অসমৰ ১০০০ শিপিনীৰে সৈতে পোনপটিয়াকৈ সংলগ্ন হৈ আছে আৰু শিলিনী সকলে সাজি উলিওৱা সামগ্ৰী সমূহ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অনলাইন মাধ্যমেৰে বিক্ৰী কৰি আহিছে।
মূলতে অসমীয়া গামোছা, এৰি কাপোৰ আৰু অসমৰ বিভিন্ন থলুৱা শিপিনীয়ে বোৱা বস্ত্ৰক বল্কলে বিশ্বৰ বজাৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছে আৰু আৰ্থিক ভাৱে স্বচ্ছলতা লাভ কৰিবলৈ সক্ষম হৈছে।
মাত্র ২৫০০০ টকাৰে বাক্সা জিলাৰ তামুলপুৰত ব্যৱসায় আৰম্ভ কৰা বল্কলে আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শিপিনীৰ জীৱিকাৰ পথ প্ৰশস্ত কৰি তেওঁলোকৰ জীৱনলৈ এক নতুন পোহৰ বিলাইছে।
২০২০ ইং চনৰ ৰ ভিতৰত বল্কলে অসমৰ দহ হেজাৰ শিপিনীৰ সৈতে সংলগ্ন হোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
ইতিমধ্যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনী সকলক বল্কলে নতুন নতুন সামগ্ৰী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকে বনোৱা সামগ্ৰী সমূহক বিভিন্ন দেশলৈ ৰপ্তানি কৰাৰো পৰিকল্পনা কৰিছে।
বল্কলৰ এই প্ৰচেষ্টাৰ ফলত গ্ৰাম্য অৰ্থনীতিয়ে এক নতুন ৰূপ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যৰ তথা দেশৰ বহুতো শিক্ষিত নিবনুৱাই বল্কলৰ সৈতে সংলগ্ন হৈ নিজৰ জীৱিকাৰ পথ উলিয়াই ল’ব পাৰিব।
মূলত ভাৰতবৰ্ষৰ বেংগালুৰু, দিল্লী, মুম্বাই, চেন্নাই ইত্যাদি ঠাইৰ পৰা bolkol.comৰ মাধ্যমেৰে বহুতো লোকে অসমীয়া শিপিনীৰ হাতেৰে বোৱা বিভিন্ন কাপোৰ অৰ্ডাৰ কৰি আছে বুলি বল্ককৰ প্ৰতিষ্ঠাপক কৃষ্ণাৰ্জুন দাসে জানিব দিছে।
ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰে শিপিনী-বোৱনী বা হেণ্ডলুম ক্লাষ্টাৰে এতিয়া অতি সহজে bolkol.com ৰ ৱেবচাইটত এগৰাকী বিক্রেতা হিচাপে পঞ্জীয়ন কৰি নিজে বোৱা সামগ্ৰী সমূহক এখন অনলাইন বজাৰ দিব পাৰিব আৰু গোটেই বিশ্বতে নিজৰ সামগ্ৰী সমূহ বিক্ৰী কৰিব পাৰিব।