NORTHEAST NOW (Assamese)

উদ্যোমী যুৱক ৰিলেন্দ্ৰ বসুমতাৰীৰ সেউজ বিপ্লৱ; পাচলি খেতিৰে প্ৰতি মাহত উপাৰ্জন ৬ লাখ টকা

August 26, 2022 1:17 pm · ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

কোকৰাঝাৰ জিলাৰ ঝাৰবাৰী ঔগুৰীত উদ্যোমী যুৱক ৰিলেন্দ্ৰ বসুমতাৰীয়ে কৃষি কৰ্মৰে এক প্ৰকাৰ সেউজ বিপ্লৱৰ সূচনা কৰিছে৷

প্ৰায় ৩০১ বিঘা মাটিত জাতি লাউ, তিয়াহ, ভেন্দী,মূলা আৰু ডাটাৰ খেতিৰে উজলাইছে সমগ্ৰ বিটিআৰ অঞ্চল।

ইতিমধ্যে বিটিআৰত ৰিলেন্দ্ৰ বসুমতাৰীৰ খেতিত উৎপাদিত সামগ্ৰী কোকৰাঝাৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷

উদ্যামী যুৱক ৰিলেন্দ্ৰৰ আশা গুৱাহাটী মহানগৰলৈ যোগান ধৰিৱ উৎপাদিত শাক পাচলি ৷

ৰিলেন্দ্ৰৰ উৎপাদিত খেতিডৰা পৰিদৰ্শন কৰি বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস সহ বিভাগৰ মুৰব্বী আৰু বিষয়াসকল আপ্লুত হৈ পৰিছে।

উল্লেখ্য যে তিনি শতাধিক মাটিত উৎপাদিত লাও, পাচলি বিক্ৰী কৰি প্ৰতি দিনত ২০ হেজাৰ অৰ্থাৎ মাহত ৬ লাখ টকা উপাৰ্জন কৰি স্বাৱলম্বী হৈছে ৰিলেন্দ্ৰ।

Related News